উচ্চজিৎ কলিতা
বহুদিন বিৰতিৰ পিছত
জুই একুৰা জ্বলিব ধৰিছে
গুমগুমাই থকা আঙঠাৰ পৰা
সিহঁতৰ বুকুৰ ভিতৰত;
কোনো আন্দোলনৰ ভুৱা শ্লোগান নহয়
নহয় কোনো শোষকৰ চতুৰালি,
বালিমাহীৰ দুখেৰে নোওৱা
জোনাকৰ গধূলিবোৰত আৰু
তমসাচ্ছন্ন অমানিশাৰ দুৰ্যোগতো
উদাত্ত কণ্ঠে নিগৰি বৈছে
সিহঁতৰ হৃদয়ৰ সমগ্র জ্বালামুখী ।
দূৰৈত গুৰুম্ গুৰুম্ হিলৈৰ নিনাদ ভেদি
নদীয়ে-বতাহে, পথাৰে-পাহাৰে
আকাশ কঁপাই বিয়পি পৰিছে
শব্দৰ সৈতে একাত্ম হৈ পৰা
এমুঠি স্বপ্নাবেশীৰ হৃদয়-ধ্বনি ।
কমলা-বিমলা-ৰমলাকুঁৱৰী
তহঁতৰ বাবে আজি
দুঃসময়ৰ বুকু ফালি ওলাই আহিছে
বহুকেইজন বাৰীকোঁৱৰ,
সপোনৰ দেশৰ পৰা লৈ আহিছে এমুঠি শব্দ,
তহঁতক শিকাই দিব প্রতিবাদৰ ভাষা ।
অসমীয়া আজি জাতি মৃত, কোনে কয় !
দেখুৱাই দিবি শকতি অসমীয়াৰ
কাৰণ, তহঁত যে বিপ্লৱী-তহঁত যে তাণ্ডৱী।
এই জুই জ্বলিছে
শব্দিল আলি-কেঁকুৰিত,
আমি জ্বলাম এই জুই নৱ শতিকাত
শদিয়াৰ পৰা ধুবুৰীলৈ
উজনিৰ পৰা নামনিলৈ ।
হাদিৰাচকী এইবাৰ শৰাইঘাট হ’ব,
সকলোতে উৰিব অসমীয়াৰ বিজয় পতাকা;
জাগি উঠ অসমীয়া ডেকা
জাগি উঠ অসমীয়া গাভৰু
তহঁত আজি নৱযুগৰ যুঁজাৰু,
ৰৈ নাযাবি-হাৰি নাযাবি
তহঁত যে আজীৱন বিপ্লৱী;
লক্ষ্যত যদিহে থাক অবিচল
আকৌ আমি সমস্বৰে গাম
“আমি অসমীয়া, নহওঁ দুখীয়া............”
ৰঙা তেজেৰে, বন্দুকৰ নলীৰে
অসমী আইৰ বুকু বিদাৰি লিখা বুৰঞ্জী সলাই
আহ, লিখোঁ আমি নতুন যুগত
নতুন মৰমৰ নতুন প্রেমৰ শব্দময় ইতিহাস ।
পাণবজাৰৰ অশ্লীল বতাহজাক ঠেলি পঠিয়াই
সাগৰিকাৰ বাবে বোৱাই আনিব লাগিব
এজাক নতুন বতাহ,
জীপাল পথাৰত ফুটাই তুলিব লাগিব
মোৰ দেশৰ মাটিৰ গান ।
শুনিছ, শুনিবি, শুনিবই লাগিব তহঁতে,
নৱ শতিকাৰ গৰ্ভত আমি ধাৰণ কৰাম
শব্দেৰে গঢ়া মানৱ্তাৰ অমোঘ বীৰ্য্য,
পুনৰ জী উঠিব অসমীয়াৰ জীয়া ইতিহাস,
হিংসা গলি গলি
জিলিকি উঠিব ভাৰতৰ পূব আকাশত
এক আলো্কময় নৱ প্রভাত ।