পৃষ্ঠা সমূহ

Monday, January 31, 2011

ব'হাগ

দিগন্ত বুঢ়াগোহাঁই


(1)
এজাক উদ্বাউল ৰ'দৰ
কলকলনি--
মোৰ ব'হাগ।

দুৰ্বাদল বাৰিষাৰ
কৰ্কশ স্পৰ্শ
ভূপতিত সেউজীয়া ভ্রূণ
মোৰ ব'হাগ।

কাঁইটিয়া কৈশোৰৰ
নিবিড় অৰণ্যাভিযান
এখিলা পাত,এটা মন্ত্র
ত্রস্তমান স্বপ্নৰ এআকাশ বিশ্বাস
মোৰ ব'হাগ।

(2)
সভ্যতাৰ ধূমায়মান আকাশ
পৰ্ণপাতী আৱেগৰ
তামবৰণীয়া কলাজ
নতুন ব'হাগ
মোৰ ব'হাগ।

বৰ্ষা

উচ্চজিত্‍ কলিতা

চিকমিক বিজুলী
মেঘবোৰ উদুলি-মুদুলি,
আকাশে মাদল বায়,
পথাৰ সেউজীয়া
ৰোৱণী উৰণীয়া,
প্রকৃ্তি গাভৰু হয়।


উতনুৱা মেঘবোৰে
ৰাংঢালী বৰষাক
বেছিকৈ জোকালে
লুইতখন বলিয়া হয়,
মানুহৰ পাতকত
বৰষাও পাতকী,
ৰজাঘৰৰ পদূলিৰে
ৰাইজৰ চকুলো বয়।


হালোৱা ককাইটিৰ
হিয়াৰে পানচৈ
কাঁচিয়লি ধাননি
লুইতত বুৰ গ’ল,


চৌদিশৰ বতাহত
‘ৰিফিউজী’ৰ হাহাকাৰ,
খালৈটোৰ ভিতৰত
ৰূপোৱালি পুঠিজাকৰ
ফুৰ্ফুৰীয়া গোন্ধটো
ক’ত যে হেৰাই গ’ল!


প্রেমিকৰ পদূলিত
আশাহত গধূ্লি,
কবিৰো ভাষাবোৰ
পাৰ ভাঙি উপচি
ৰাজপথে উটুৱাই নিলে।


বৰতাৰে চেওৱা চালত
ঝিপ ঝিপ বাৰিষাৰ
সুমধুৰ ঝংকাৰ
শুনিবলৈ নোপোৱা,
তামীঘৰাৰ শিবিৰত
ভোকাতুৰ কান্দোনৰ
গুঞ্জৰ ভাঁহি ৰয়।


মানুহেই যেতিয়া
নাভাবি অকণো
আপো্ন ধৰণীক
শতুৰু শালিছে,
বৰষাৰো সিহঁতলে
নালাগে এধানি ব্যথা।


এনেকৈ থাকিলে
সুদূৰৰ গৰাহত
লুইতৰ বুকুত
জাহ যাব অসম
জাহ যাবি অসমীয়া,
ইতিহাসৰ পাত
লুটিয়াই চাবলৈ
ৰৈ যাব আধাজ্বলা প্রলয়ৰ শিখা।

তেজ লগা ভোগালি

উচ্চজিত্‍ কলিতা

পুৰণি কবিতাৰ শাৰী এটি গুণগুণাই
মেজিৰ উমত বহি আছিল আজন্ম কবি
মৃত্যুশীতল পুহৰ
পোৰা মঙহৰ সোৱাদ লৈ
ভোগালি আহিছে
লাৰু-পিঠা,মাহ-কাৰৈৰ পেটেণ্ট কৰিবলৈ
এইবাৰ বাৰু আহিব নেকি
কোনোবা বিদেশী বণিক ?

ম’হ যুঁজ, কণী যুঁজ দেখোন কেতিয়াবাই অস্পৃশ্য
এইবাৰৰ ভোগালিত
পৰমাণুৰ যুঁজ এখন পতাই ভাল
হাজাৰ হওঁক তেতিয়া
সকলোৱে শুই থাকিব শেষৰ উশাহ লৈ,
কোনোৱে দুখৰ নৈত উটিবলৈ
জীয়াই নাথাকিব
গুপ্তহত্যা-গণহত্যাৰ পিছত
বুকু শুদা হোৱা মাতৃৰ দৰে
সেওঁতা উকা হোৱা বোৱাৰীবোৰৰ দৰে
আৰু বাটে-ঘাটে অনাথ হোৱা শিশুবোৰৰ দৰে |

মেজিৰ জুইত জীৱনৰ উম বিচাৰি আহত কবি
হিংসাৰ চুবুৰিত আজি বিদ্রোহী কবি !
ভোগালিক ভোগ কৰিবলৈ কচাইবোৰৰ সংখ্যা বাঢ়িছে
বঢ়া নাই মানুহৰ সংখ্যা,
কবিৰ কলমত সেয়েই হয়তো ইমান নিৰাশা
সময়ৰ তেজ লগা ভোগালিত |
(গোষ্ঠীগোত সংঘৰ্ষত নিহত সকলৰ স্মৃতিত)

Sunday, January 16, 2011

বিষয় মূলত: স্বাধীনতা আৰু আমি

বিপাশা বৰা

স্বাধীনতা-
মানে কি কাষ্ট্ৰো, বলছেভিক, ইটালীৰ একীকৰণ !
অকণমান উশাহৰ বৈধতা অথবা বহুজাতিক কোম্পানীৰ ভেজাল পানীয়ৰ দৰে
জনতাৰ বিশ্বাসৰ পৰীক্ষাত অৱতীৰ্ণ এটা শব্দৰ অসহায়তা ?
আমি নাজানো, আমি নাজানো,
স্বাধীনতা ছাদ্দামৰ প্ৰিয় শ্লোগান নে পৰেশ বৰুৱাৰ !
বিচ্ছিন্নতাৰ সোঁতত কিমান দূৰ ভটিওৱাৰ অন্তত কাংক্ষিত পাৰ
আৰু স্বাধীনতা কোন ইউট’পিয়াৰ নাম ?
আমি জানো জীৱনৰ সৰলীকৃত সমীকৰণ-
এখন চালি আৰু এখন ৰুটি
আমি জানো এতিয়া সময় দুঃসময়ৰ,
পাঞ্চালীৰ চুলিত দুঃশাসনৰ তেজৰ চেকা
সেই বাবেই লুটিওৱা নাই বহুদিন প্ৰিয় বিষয়ৰ পৃষ্ঠা
মাটি/মানুহ আৰু সেউজীয়া
পঢ়া নাই এবাৰো বাতৰি কাকত |
কিয়নো ৰেড এলাৰ্ট ঘোষিত আমাৰ প্ৰতিতো সপোনৰ ওপৰত
জীৱনৰ স’তে থকা সকলো চুক্তি
প্ৰত্যাহাৰ কৰাৰ আগেয়ে এবাৰ
নিজৰ পৰাই নিৰ্বাসিত কৰি সুধিব পাৰে নিজক
"ভিতৰৰ পৰাই আচলতে কিমান স্বাধীন আমি?"

সমীৰণ বৰুৱা আহি পালে

দিগন্ত বুঢ়াগোহাঁই

ফেহুঁজালি-
আকাশত প্ৰচ্ছদ অৰ্ধসূৰ্যৰ।
"সমীৰণ বৰুৱা আহি আছে।"

অৰণ্যবাসী স্বপ্নৰ আঙুলিত ধৰি
আমি আগুৱাম
বৃষ্টিৰ বন্যাৰে বিধৌত
এলিচৰ যাদুসনা দেশলৈ।

মৃত্যু আৰু কান্দোনৰ
ভয়াল শব্দত
নৃত্যৰতা পৃথিৱী।
শিলীভূত আকাংক্ষা আৰু
স্তিমিত উত্তেজনাৰ
শীতলতা ভাঙি
অৰ্ধসূৰ্যৰ তেজাল উত্তৰ-
"সমীৰণ বৰুৱা আহি আছে।"

মোৰ আইৰ ৰঙচুৱা চকুলো
চকুতে শুকায়।
প্রত্যয় প্রতিশ্রুতিৰ
কেঁকুৰীত
এদিন লগ হ'ম
আৱেগৰ উমসনা
বুকুৰ সেউজীয়া তেজেৰে
আত্মাৰ লাইখুঁটা গঢ়িম।

"সমীৰণ বৰুৱা আহি পালে"
উদ্বাস্তু বিপ্লৱৰ
অপসৃয়মান আদৰ্শৰ
অস্তগামী অৰ্ধসূৰ্যই ক'লে,
"সমীৰণ বৰুৱা আহি পালে।"

Saturday, January 15, 2011

ভোগালীৰ সুৰ:

হৃষীৰাজ শৰ্মা

ভোগালী মানেই মনে নামানা কিছু আত্মকথা
এৰি থৈ অহা বহুতো সাধুকথা
ভোগালী মানেই উছৱৰ বতৰ
আকাংক্ষাৰ লহৰ
কাৰোবাৰ সুৰত সুৰ মিলাই
ফুলি উঠা এটি প্ৰহৰ
ভোগালী আহিলেই পুতুকণৰ উলাহ চৰে
আঘোণীৰো মন উৰোঁ উৰোঁ,
বছৰত যে পয়েৰাকে এবাৰেই হাঁহে.!
ভোগালী মানেই বিধ্বংসী মৰণপণ
ভোগতেই আৰম্ভণি, ভোগতেই সমৰ্পণ
ভোগালী মানেই মাজনিশাৰ অস্বস্তি
তেজৰ বানত উটি যোৱা নব্বৈৰ নলবাৰী
ভোগালী মানেই আশ্বাস, বিশ্বাস
অসমৰ বুকুত প্ৰতিশ্ৰুতিৰ নিশ্বাস
ভোগালী মানেই বেদনাৰ অন্ত
অপেক্ষাৰ বন্দনা ইমানতে সমাপ্ত
ভোগালীতেই আইৰ আঁচল চকুলোত তিতিছে
পোনাকণে হাবি এৰি ঘৰলৈ আহিছে..

অপেক্ষা

ৰিদিপ কুমাৰ নাথ

সময়ৰ ভূৰত বঠা বাই ঢাপলি মেলিলো
গৰ্ভজাত এটা বছৰৰ পিনে;
আইৰ প্ৰসৱলৈ এতিয়াও কিছু ক্ষণ বাকী |
প্ৰসৱ বেদনাত কাতৰ হৈ আইয়ে
উভতি চাইছে অতীতলৈ.....
৩৬৫ দিন গৰ্ভত লৈ জন্ম দিয়া
সন্তানবোৰৰৰ পৰা কিনো পাই আহিছে তেওঁ!!
এমুঠি বিস্ফোৰণ, এজাক নাৰী ধৰ্ষণ
নে ৰাজনীতিৰ পৰা ভাঁহি অহা ভেঁকুৰৰ অশ্লীল গোন্ধ?
গেলা বানপানীয়ে আইৰ ওকণি চোবায় |
এফাল ৰুটি নাইবা ফটা এখনি কানি
বিচাৰি হাবাথুৰি খোৱা একোটা ওকণি সিহঁত |
আইৰ মৰমৰ ওকণি |
কিন্তু হায় !!! লিটাৰে লিটাৰে তেজ খোৱা
ফিটাপেলুবোৰ ৰোধিবলে হ’লে কোনো নাই!
কাঁটা তাঁৰ বগাই তেজ খোৱা অগণন ফিটাপেলু |
সিহঁতৰ ভৰত আই কুজী বুঢ়ী |
নিস্পেষিতৰ চকুপানীৰে পাৰিবনে ধুৱাব
আইৰ আঁচলত গোট মৰা তেজৰ চেঁকুৰাবোৰ
গৰ্ভজাত এই সন্তানটোৱে!!
বৰ আকুলতাৰে বাট চাই আছে আইয়ে |

Saturday, January 1, 2011

মৰমৰ

মনোজ মন কলিতা


যোৱা নিশা যেতিয়া ৰেলত উঠি গুচি আহিলো
খিড়ীকিৰে বহুবাৰ চাই পঠিয়ালো,
কিজানিবা কোনোবাই মোলৈ চাই আছে !
নাই |
বন্ধ খিড়ীকিবোৰৰ সিপাৰে মাথো ৰৈ আছে
সীমাহীন অন্ধকাৰৰ পৰ্দা |
তুমি আহিবা বুলি এবুকু মৰম লৈ আছিলো
কিন্তু নাহিলা |
পুৱা যেতিয়া হৃদয়খন জুকিয়াই চালো
দেখিলো মৰমবোৰ সেমেকি গৈছে ;
ওৰেটো নিশা যে উচুপি থাকিলো, সেই বাবেই |
সেই সেমেকা মৰমবোৰ মাথো তোমাৰ বাবেই আছিল,
এতিয়া সেইবোৰ কলহত ভৰাই থলো ,
লাওপানী হ’লে খাব পাৰিম ;
অন্ততঃ মাতাল হোৱাৰ জোখাৰে |
হয়তো তেতিয়াহে সামৰিব পাৰিম মোৰ চকুপানীবোৰ !
এতিয়া মই তোমাৰ পৰা বহু নিলগত,
তথাপি গভীৰ নিশা উচপ খাই উঠো,
তোমাৰ হৃদয়ৰ স্পন্দনবোৰ শুনি, ইমান ওচৰত !
মোৰ মৰমবোৰ দুপৰীয়াৰ ৰ’দজাকে শুকুৱাই পেলালে
বতাহৰ বোকোচাত তোমালৈ পঠিয়াই দিছো,
সময় পালে বুটলি ল’বা ,
পেলাই নিদিবা |
অন্ততঃ উকা কাগজত নীলা চিঞাঁহীৰে
এটা আকাৰ দিবা মৰমবোৰক,
চিঞাঁহী যদি নোপোৱা মোক জনাবা;
ভগ্ন হৃদয়ত তেজৰ চেকুঁৰা এতিয়াও বিৰিঙি আছে |