পৃষ্ঠা সমূহ

Monday, February 28, 2011

স্বৰলিপি : বৰষুণ

দিগন্ত বুঢ়াগোহাঁই

মৃত্যুহাৰা স্পন্দিত ছন্দৰ
তৰংগশায়িত
আতোলতোল এটি গান--বৰষুণ।

কালিঘুঁকিৰ কালিন্দী এন্ধাৰ
আৰু
অহংকাৰৰ এমুঠি কীট
তামৰঙী আকাশৰ
বলিয়া উপত্যকাত
ভৰুণ স্বপ্নৰ বলাকা
ত্রস্তমান।

তথাপিও,
সূৰ্যস্নাত কুশীলৱ মই
ছৰৌৰৱা পৰজাৰ ফুটাৰেই দেখো
সেমেকা মাটিৰ উড্ডীন সপোন।

বিস্মৃতিৰ শৈবাল আকাংক্ষাৰ
প্রতিমা জাগিব
এদিন
তোমাৰ স্পৰ্শেৰে
উত্তপ্ত হ'ব
প্রেম আৰু জীৱনৰ
শীতাৰ্ত স্নায়ু।

এটি আবেলি,ফাগুনৰ অনুভৱবোৰ সাৱটি

চন্দ্ৰমা কলিতা

বতাহ এজাক বৈ আছিল,
নাহৰকেইজোপাত কপনি তুলি।
অস্তাচলত লুকাব খোজা নাছিল,
আবেলিৰ হেঙুলীয়া হাঁহি।

বতাহত কপিছিল মোৰ কপাহী দোপাত্তা,
হয়তো ফাগুনৰ উন্মাদনা।

সিমলুজোপাৰ হাঁহিত সেইদিনা মাতাল হৈছিল ফাগুন।

লাহে লাহে ধুলিয়ৰী হৈছিল ভাৱনাৰ সাগৰ।

মূৰ তুলি সুধিছিলো,
বন্ধ দুচকুৰে তুমিও অনুভৱ কৰানে,
তলসৰা ফাগুনৰ হালধীয়া বিষাদ ?

তুমি হাঁহিছিলা
মোলৈ নোচোৱাকৈ সেইদিনা তুমিয়েই কৈছিলা,

হালধীয়াই নোৱাইছে উর্বৰা ধৰিত্ৰী।
সেউজীয়াৰ বাতৰি বতাহত সিঁচি,
আশাৰ বৰষুণজাক
ফাগুনেইতো আনিব মাতি।

Wednesday, February 23, 2011

এজাক মানুহ আৰু শগুনৰ সাধু

অনন্ত মোহন শৰ্মা

এজাক চিঞঁৰ বাখৰ কৰা মানুহে বননিত
খেদি ফুৰিছিল হৰিণৰ দুটা পোৱালী।
আকাশত উৰি আছিল দুটা নোদোকা শগুণ।
এজাক কিৰিলী পৰা মানুহে বাটলু গুটিৰে
শগুণ দুটাক বধ কৰিছিল।
আৰু আটায়ে মিলি ভক্ষণ কৰিছিল
শগুণৰ মঙহ।

Sunday, February 20, 2011

এখন হৃদয় বিচাৰি লও

অনন্ত মোহন শৰ্মা

মেঘ আছে বাবেই, আকাশৰ ইমান অহংকাৰ ।
প্রেম আছে বাবেই, হৃদয় ইমান বিশাল
দুখতো উমলিব পাৰে সুখৰ সতে,
আহক আমি এনে এখন হৃদয় বিচাৰি লও
যি আকাশৰ দৰে অহংকাৰী আৰু বিশাল ।।

মাত

তপনজ্যোতি নেওগ
১.

সুৱদি সুৰীয়া মোৰ কামৰূপা আই
মৌ-সৰা মাত তোৰ হৃদয় জুৰুৱা
ক’তেনো বিচাৰি পাম এই জগতত
মুকুতাৰ মনি যেন জাকত জিলিকা

২.

মোৰ শিৰে শিৰে এক গোপন অহংকাৰ
মোৰ তেজে তেজে এক বিশ্বাস
মোৰ শৈশৱ
মোৰ কৈশোৰ
মোৰ যৌৱন
প্ৰতিটো ঊষাৰ কলকলনিত মুগ্ধ
মোৰ প্ৰাপ্তি, মোৰ প্ৰজ্ঞাৰ উচ্ছাস ৷৷

Saturday, February 19, 2011

শব্দম

উচ্চজিৎ কলিতা

বহুদিন বিৰতিৰ পিছত
জুই একুৰা জ্বলিব ধৰিছে
গুমগুমাই থকা আঙঠাৰ পৰা
সিহঁতৰ বুকুৰ ভিতৰত;
কোনো আন্দোলনৰ ভুৱা শ্লোগান নহয়
নহয় কোনো শোষকৰ চতুৰালি,
বালিমাহীৰ দুখেৰে নোওৱা
জোনাকৰ গধূলিবোৰত আৰু
তমসাচ্ছন্ন অমানিশাৰ দুৰ্যোগতো
উদাত্ত কণ্ঠে নিগৰি বৈছে
সিহঁতৰ হৃদয়ৰ সমগ্র জ্বালামুখী ।
দূৰৈত গুৰুম্ গুৰুম্ হিলৈৰ নিনাদ ভেদি
নদীয়ে-বতাহে, পথাৰে-পাহাৰে
আকাশ কঁপাই বিয়পি পৰিছে
শব্দৰ সৈতে একাত্ম হৈ পৰা
এমুঠি স্বপ্নাবেশীৰ হৃদয়-ধ্বনি ।

কমলা-বিমলা-ৰমলাকুঁৱৰী
তহঁতৰ বাবে আজি
দুঃসময়ৰ বুকু ফালি ওলাই আহিছে
বহুকেইজন বাৰীকোঁৱৰ,
সপোনৰ দেশৰ পৰা লৈ আহিছে এমুঠি শব্দ,
তহঁতক শিকাই দিব প্রতিবাদৰ ভাষা ।
অসমীয়া আজি জাতি মৃত, কোনে কয় !
দেখুৱাই দিবি শকতি অসমীয়াৰ
কাৰণ, তহঁত যে বিপ্লৱী-তহঁত যে তাণ্ডৱী।
এই জুই জ্বলিছে
শব্দিল আলি-কেঁকুৰিত,
আমি জ্বলাম এই জুই নৱ শতিকাত
শদিয়াৰ পৰা ধুবুৰীলৈ
উজনিৰ পৰা নামনিলৈ ।
হাদিৰাচকী এইবাৰ শৰাইঘাট হ’ব,
সকলোতে উৰিব অসমীয়াৰ বিজয় পতাকা;
জাগি উঠ অসমীয়া ডেকা
জাগি উঠ অসমীয়া গাভৰু
তহঁত আজি নৱযুগৰ যুঁজাৰু,
ৰৈ নাযাবি-হাৰি নাযাবি
তহঁত যে আজীৱন বিপ্লৱী;
লক্ষ্যত যদিহে থাক অবিচল
আকৌ আমি সমস্বৰে গাম
“আমি অসমীয়া, নহওঁ দুখীয়া............”

ৰঙা তেজেৰে, বন্দুকৰ নলীৰে
অসমী আইৰ বুকু বিদাৰি লিখা বুৰঞ্জী সলাই
আহ, লিখোঁ আমি নতুন যুগত
নতুন মৰমৰ নতুন প্রেমৰ শব্দময় ইতিহাস ।
পাণবজাৰৰ অশ্লীল বতাহজাক ঠেলি পঠিয়াই
সাগৰিকাৰ বাবে বোৱাই আনিব লাগিব
এজাক নতুন বতাহ,
জীপাল পথাৰত ফুটাই তুলিব লাগিব
মোৰ দেশৰ মাটিৰ গান ।

শুনিছ, শুনিবি, শুনিবই লাগিব তহঁতে,
নৱ শতিকাৰ গৰ্ভত আমি ধাৰণ কৰাম
শব্দেৰে গঢ়া মানৱ্তাৰ অমোঘ বীৰ্য্য,
পুনৰ জী উঠিব অসমীয়াৰ জীয়া ইতিহাস,
হিংসা গলি গলি
জিলিকি উঠিব ভাৰতৰ পূব আকাশত
এক আলো্কময় নৱ প্রভাত ।

Thursday, February 17, 2011

সেউজ গাভৰু

ৰিদিপ কুমাৰ নাথ

জোনৰ হালধীয়াত বিৰিঙি উঠিছে
সেউজ ধাননিৰ ঢৌ খেলা বুকু |
ফিৰফিৰিয়া বতাহজাকে সুহুৰিয়াই যায়...
সেন্দুৰীয়া জোনবাইৰ দুস্টভৰা চাৱনি,
লাজত দ খায় তাইৰ কাজল সনা দুনয়ন ;
কল্লোলিত বুকুৱে তাইৰ সোঁৱৰাই দিলে
ফাগুনৰ পচোৱাত হিল্লোলিত আইৰ আঁচলখনলৈ
মনত বাজি উঠিল কেতেকীৰ সুহুৰি এটি
নৈৰ খলকনিয়ে মাউথ্‌ অৰ্গেন বজায়...
তাইৰ নাচোনৰ তালে তালে;
তৰাবোৰে জোকাই,চকু টিপিয়াই
ঢৌ খেলি নাচি তাই পলাব নোৱাৰে,
দিগবলয়ৰ কয়েদখানাত যে বন্দী তাই |
হঠা‍ত্‍ অহা কিনকিনিয়া বৰষুণজাকে
মেহুৰা কৰি তুলিলে তাইক,
সদ্যস্নাতা সেন্দুৰীয়া দুগালে ওৰণি বিচাৰে
আবেলিৰ ৰামধেণুলৈ মনত পৰে;
সৰ্পিল গতিৰে চুচুক-চামাককৈ সৰি পৰা
আঁহতৰ পাত এটাই সকিয়াই দিলে...
সেউজী গাভৰু হ’ল |

Tuesday, February 15, 2011

চহৰৰ ভোগালী

কুলদীপ মেধি
চিডি প্লেয়াৰত বাজিছে হিংলিছ ছং
আৰু হাতে হাতে বিলাতী উন্মাদনা
ভোগালীৰ ৰাগীত মতলীয়া
আমি অসমীয়া...


আমি পাহৰিলো খমখমীয়া পাট
অথবা তাঁতৰ জাত
ব্য়স্ত বুলি শিকিলো
পছিমীয়া ঢং
জীৱন কৰি তুলিলো ছৰ্ট-কাট...


আমি সদায়ে হেপ্পী
নিউ য়েৰ, মেৰিজ, এনিভাৰ্ছেৰি
বাৰ্থ-ডে, ফাদাৰ্ছ-ডে, মাদাৰ্ছ-ডে
আনকি সাৰি যোৱা নাই বাপতি সাহন বিহুটি
এনে দিনো আহিব যেন
কাৰোবাৰ আই-বোপাইৰ বছৰেকীয়াৰ দিনাও
কোনোবাই হয়তো ক‘ব "হেপ্পী..."
আৰু প্ৰীতিৰ উপহাৰ যাচিব হাঁহি হাঁহি...


হায়ৰে অসমীয়া, ধিক অসমীয়া !


ৰঙতে ৰঙীন হৈ
পাহৰো নিজৰেই ঘৰমুৱা বাট
এনেদৰেই হেৰুৱাম নেকি
আমাৰ অমিয়া মাত?