পৃষ্ঠা সমূহ

Friday, April 1, 2011

ধুনীয়া গাভৰুবোৰ

হৃষীৰাজ শৰ্মা

তেওঁলোকে খোজ নাকাঢ়ে মাটিত,
নাচায় বিফল প্ৰেমিকলৈ কিম্বা নাহাঁহে |
তেওঁলোক যেন
কোনোবা অভিমানৰ খনিকৰে আলফুলে সজোৱা পুতলা
য’ত সুন্দৰতাৰ প্ৰলেপ আছে, কিন্তু জীৱন নাই;
ধুনীয়া গাভৰুবোৰ মৰতৰ বিকাৰ ||
তেওঁলোকৰ বাবেই দিন-ৰাতি, সেউজ আৰু ফুলবোৰ
তেওঁলোকৰ বাবেই সন্ধিয়াৰ তৰা আৰু শৰতৰ গানবোৰ
তেওঁলোকৰ উশাহত সোমাবলৈ ব্যাকুল উন্মাদ মলয়া
ধুনীয়া গাভৰুবোৰে মৰতক সৰগ কৰে অহোৰাত্ৰ..|
ধুনীয়া গাভৰুবোৰৰ দুচকুত নথাকে অনুভৱৰ আৱহ সংগীত
টেলিভিচনৰ পৰ্দাৰ পৃথিৱীত চকুপানী টোকাৰ নিৰ্মোহ আখৰা
দাপোনৰ প্ৰেমত পৰি গুলপীয়াবোৰৰ ৰক্ষাৰ কাতৰ প্ৰাৰ্থনা
আৰু ভগৱানৰ নামত এশ এবুৰি শপত.!
ধুনীয়া গাভৰুবোৰ নিমখীয়া আশা
প্ৰেমৰ নামৰ চতুষ্পদী কবিতা
তেওঁলোকৰ আবাহনত নিদ্ৰাগ্ৰস্ত হয় কাৰোবাৰ হাতৰ তুলিকা
কবিৰ হিয়াই হিয়াই সিঁচি থয় প্ৰেমৰ কঠিয়া
ধুনীয়া গাভৰুবোৰ যেন নিমিলা স্থানাংক জ্যামিতি
হয় ইপাৰ নহ’লে সিপাৰ
ধুনীয়া গাভৰুবোৰ মৰতৰ বিকাৰ ||

No comments:

Post a Comment