ৰিদিপ কুমাৰ নাথ
হয়তো নহ’ব পাৰো ঘড়ীৰ কাঁটাৰ নিৰ্দেশত চলা
একো একোজন ভদ্ৰলোক |
হ’লোৱেই জানিবা দিন ৰাতিৰ চিন-চাব নোহোৱা
উভয়্চৰ পৰজীৱী ;
নাইবা মদৰ পিয়লাত সপোন দেখা
একো একোজন ব্যৰ্থ উজাগৰী প্ৰেমিক |
হ’লেওতো মানুহে আমাক মানুহ বুলিয়েই কয় !
এটা জঁকা, অলপ মাংস আৰু সেই জোখেৰে
কেইলিটাৰমান তেজ !
তাতোকৈ ডাঙৰ এ্খন হৃদয়্ৱান হৃদয় |
মানুহ হোৱাৰ বাবে এয়া জানো
নূন্যতম অৰ্হতা নহয় ?
নে ’ডেড’ৰ টকাৰে ’মালদাৰ’ হৈ
জন আব্ৰাহামৰ ’হেয়াৰ স্টাইল’ বনাই
বাইকৰ পিছত ’দাৰ্লিঙ’ক বহাই
এক’লেন্ড, কামাকাজি ঘূৰিব পৰাবোৰহে মানুহ ?
সম্ভ্ৰান্ত ঘৰৰ ’স্মাৰ্ট’ ছোৱালীয়ে
হয়তো তেনেকৈয়ে ভাবে !
আৰু নহয় তাৰ ব্যতিক্ৰম তুমিও |
পা্শ্চাত্য সভ্যতাৰে চহকী
তুমিওতো এজনি ’স্মাৰ্ট’ ছোৱালী !
নাজানিলাই জানিবা অসমীয়াত এখন চিঠি লিখিব
নাইবা এপাক বিহু নাচিব ;
হ’লেও ’হাই-হেল্ল” ক’ব জনা
তুমিতো এজনী ’স্মাৰ্ট আছামিজ গাৰ্ল’ |
তোমাৰ দৰে ’স্মাৰ্ট গাৰ্ল’ক পাৰ্ক, ৰেস্টুৰেন্টত
ঘূৰাব নোৱাৰিলেও কিন্তু আমি
দুখীৰ দুখত দুখী হ’ব জানো |
সমভাগী হ’ব জানো আনৰ বেদনাৰ |
সেয়েহে আমিও মানুহ আৰু
আ্ড্ডা, চিগেৰেট, তাচপাত নাইবা
স্টেচনৰ ’জেঙ’ৰ মাজত হেৰাই যোৱা
এয়াও এটা জীৱন |