মুকুল পাঠক
টুবুকীৰ নাম নাছিল পাঠশালাৰ হজিৰা বহীত সেয়ে অশিক্ষিত
আঙুলি ৰঙা কৰি টিপ চহী দিয়ে
বুকুত ব্লাউজ নৰখে
অকল চাদৰ পিন্ধে |পথাৰৰ নৰা আৰু বাৰীৰ শাক
সোণাৰুৰ শুকান ডাল
ঢাপত গজা ন-খেৰ
গোহালীৰ গৰু
নামঘৰৰ সবাহ
টুবুকীৰ জীৱন প্ৰবাহ |তাইৰ শুকান দেহাত ওলমি থাকে এসোপা ভাগৰুৱা হাড়
৮৩ৰ পুহ মহীয়া ঠাণ্ডাত ঘৰটো জ্বলাই দিয়াৰ দিনা
উমৰ সলনি তাইৰ ঠাণ্ডা লাগিছিল
দুখবোৰ গোট মাৰিছিল
পিছদিনা ৰাতিপুৱা
বাৰীৰ ঢ়াপত পাইছিল কেইখন মান লুঙী |টুবুকীৰ ঘৰ নতুন হয়
ন-খেৰৰ সলনি টিনপাত লাগে
ডাকত চৰকাৰী মোহৰ লগা চিঠি আহে
কানায় ডকোৱালে পঢ়ি দিয়ে
টুবুকীৰ ভাল লাগে
ক্ষতিগ্ৰস্তৰ তালিকাত তাইৰো নাম আছে |হাকিমৰ ফাইলত বন্দি হৈ যায় তাইৰ ভাল লগা
ভোটাৰ তালিকাৰ নামত দুডাল উ কাৰ হাকিমৰ তালিকাত এডাল
৮৩ৰ জুইকুৰা ৯৫ত আকৌ জ্বলে
দহ টকাৰ হাৱাই চেন্দেলত চাৰিটা ফুটা হয়
হাকিমৰ হয় তিনিটা প্ৰমোছন
লাখুটিত ভৰ দি তাই তাঁত-বাতি কৰে
মনু্হটোৰ তিথিত সকাম পাতে
ক্ষতিগ্ৰস্তৰ তালিকাৰ কেলেংকাৰীৰ সাক্ষী দিয়ে
এডাল উ কাৰ বিচাৰি হাহাকাৰ কৰে তাই
এদিন টুবুকী মৰি থাকে
হাকিমক জ্বলাবলৈ বটলত ভৰাই থোৱা কেৰাচিন খিনি
তাইৰ ৮০ বছৰীয়া হাড়বোৰ জ্বলাবলৈ গঞাই চিতাত ঢালি দিয়ে
গাওঁবুঢ়াই হাকিমক কৈ ৰিলিফৰ টকাকেইটা উলিয়াই আনে
ৰাইজে উলাহেৰে শ্ৰাদ্ধৰ ভোজ-ভাত খায় শুনিছো টুবুকীয়ে বোলে এতিয়াও ৰাতি হ’লে বিনায়.......
( এটি সত্য ঘটনাক কবিতাৰে ধৰি ৰখাৰ চেষ্টা...)

No comments:
Post a Comment