প্ৰিয়দৰ্শণ ভট্টাচাৰ্য্য
এয়া আবেগৰ কবিতা
বিবেক বহু দূৰণীত
তোমাক এৰি অহা পথৰ শুকান কৃষ্ণচূড়াৰ উচুপনি
কিয়েইবা লিখিম অশ্ৰু গণি গণি
তুমিতো নাজানা কিয় হাহাকাৰ কৰি ফুৰো
হেৰাই যোৱা হিয়াখন বিচাৰি
সেই যে বসন্ত বসন্ত লগা দিনবোৰ, আবেলিবোৰ জোনাকী শাৰদী
কিয় এপাহ হাঁহিৰ বাবে ব্যাকুল হৈছিলো মই
অথবা মোৰ বাবে তুমি..!
পাৰিছিলানে নৈ হৈ বৈ যাবলৈ
বতাহ হৈ জুৰ পেলাবলৈ
মিঠা গুণ-গুণনিবোৰ বাধা দিব পাৰিছিলানে
নাভাবো বুলিও এবাৰ ভাবিছিলানে
মই ভবাৰ দৰে?মই তোমাৰ পদূলিমূখ এৰাৰ দিনা
তিতিছিলনে দুগাল তোমাৰ
ওঁঠত লুণিয়া স্বাদ; হৃদয় শুন্য কৰি বৈ অহা শব্দবোৰ বুকুত হেঁচা মাৰি তুমি দূৰ হৈ ৰ’লা
তুমি নকলেওতো মই ঠিকেই বুজিছিলো
কি ক’ব খুজিছিলা
সদায় কোৱাৰ দৰেইতো ক’লাহেঁতেন
"ফাগুণৰ গীতটো আকৌ এবাৰ গোৱা"
(যিজনৰ ভগ্ন হিয়াৰ অযুত চকুপানী মোৰ হৃদয়ৰ কলহত গোটাই থৈছোঁ, তেওঁৰ নামতেই, মৰমৰ বন্ধু, ভাইটি, জনপ্ৰিয় যুৱ কবি হৃষীৰাজ শৰ্মাৰ নামত কবিতাটো উত্সৰ্গা কৰিলো)

No comments:
Post a Comment