পৃষ্ঠা সমূহ

Saturday, April 2, 2011

সেই নাৰীৰ বাবেই প্ৰেমিক হৈ উঠিছো

জ্যোতিময় দত্ত

সেই নাৰীৰ বাবেই প্ৰেমিক হৈ উঠিছো
তাইৰ বুকুত উমলি থকা কাঁচিজোনে পোহৰাই থাকে মোৰ নিশাক

দুভৰিৰ যন্ত্ৰণাক পাহৰি খোলা চকুৰে পাৰ কৰিছো হেজাৰ ৰাতি
মোৰ কলিজাত পুৰাতন প্ৰাচীৰত আঁকি যোৱা দহোআঙুলিৰ যন্ত্ৰণা

হালি থকা সপোনক বান্ধি দিছো সময়ৰ বোকোচাত
দুহাতত জপাই থৈছো তামৰঙী দুপৰীয়াৰ কাতৰতা

সেই নাৰীৰ বাবেই মোৰ এন্ধাৰ বাটত গধূৰতা
ধোৱাৰঙী আকাশত হাহাকাৰৰ গাজোন

নিজক কবৰ দি সপোনক তুলি ধৰাৰ গোপন আয়োজন
গছৰ ফাকত ফচি ৰয় জোন, নৈ:শব্দৰ কাতৰতা, জিলিৰ উচুপনি

সেই নাৰীৰ বাবেই জোৰ কৰি চেপি থ’ব খোজো দুওঠৰ কপনি
ভাগৰুৱা দুচকুত হানি দিও জঠৰতা

তাইৰ বাবেই হাহি-হাহি মোৰ দিন আৰু ৰাতিবোৰলে নমাই আনো এন্ধাৰ
তিতা কলিজাত পুতি থও পানিপীয়াৰ চিনাকি মাত এটা

সেই নাৰীৰ বাবেই আকুলতাৰ বাটত জাৰি কৰিছো সান্ধ্য আইন
নিজক খুন কৰি তুলি লৈছো দুচকুত চিপচিপিয়া এজাক অবতৰীয়া বৰষুণ

No comments:

Post a Comment