পৃষ্ঠা সমূহ

Sunday, April 17, 2011

ছাঁ পোহৰৰ খেলা

শান্তনু চাংমাই

ফুলৰ সতে কথা পাতি পাতি আমনি লগা ছোৱালীজনীয়ে প্ৰতিটো ভোমোৰাকে কৈ যায় তাইৰ আকুলতাৰ কথা/ বিচাৰি আনিবলৈ দিয়ে তাইৰ সপোনৰ কোঁৱৰক/

আঙুলিৰ পাবত দিনবোৰ যেন নাযায় নুপুৱায়/ সৰাপাতে ঢাকি ৰাখিব নোৱাৰে সংগীতৰ পূৰঠ সুৰবোৰ/
এপাহ এপাহ কৈ প্ৰতিপাহ ফুলৰ পাপৰি গণি শেষ কৰি পেলাইছে তাই/ তাইতকৈ ধুনীয়া হ’ব খোজা ফুলপাহিক পাতৰ সতে সী পেলাইছে/

কোমল ঘাঁহডৰা নিতৌ গোলাপৰ পাপৰি ছটিয়াই ভাস্কৰ কৰি ৰাখিছে/ বতাহত বিয়পাইছে বচা বচা আতৰৰ সুৰভি/ কোঁৱৰক লৈ কিমান যে জন্পনা/

নেদেখা নুশুনা ছবিখন মনতে আঁকি লৈ তাই উষাৰ পৰা চিত্ৰলেখা হৈছে/
অকণমান ছাঁ পৰিলেই তাই ডবিয়াই মেলি পোহৰৰ ব্যৱস্থা কৰিছে /

জীৱনত এবাৰ হলেও প্ৰেমত পৰিবা ব্ন্ধু

চয়নিকা কৌশিক

জীৱনত এবাৰ হলেও প্ৰেমত পৰিবা ব্ন্ধু
কোনো ব্যক্তিৰ প্ৰেমত হে পৰিবা, তেনে নহ্য়,
প্ৰেমত পৰা এটি নতুন আশাৰ,
এটি সপোনৰ
এটি লক্ষ্যৰ
এটি কবিতাৰ
এটি সন্ধিয়াৰ
এটি নিয়ৰ সেমেকা পুৱাৰ
এটি তন্দ্ৰাময় জোনাক নিশাৰ||

দেখিবা
এই প্ৰেম হৈ উঠিব এদিন তোমাৰ বাবে,
সুন্দৰ পুৱা এটি আদৰিবলৈ কৰা
মিঠা হেপাঁহ|

অসুখ

উচ্চজিৎ কলিতা

সিদিনা বতাহ আছিল গধূৰ,
উশাহত শেৱা্লি ফুলাৰ গোন্ধ,
উজাগৰী কো্ঠালিত বিয়পি গৈছিল এটি নিৰৱ সুৰ |
সিদিনা বতাহ আছিল গধূৰ
মাটিৰ কলিজাত দুখৰ আবুৰ,
নিশাহত পোৰা মাটিৰ গোন্ধ |
সিদিনা বতাহ আছিল গধূৰ,
উশাহত শেৱা্লি ফুলাৰ গোন্ধ |

প্রেমৰ সংবিধান

 হিৰণ্য হাজৰিকা

মই যিহেতু তোমাৰ প্রেমিক
লিখিব পাৰোনে মই
প্রেমৰ সংবিধান
... ৰচিব পাৰোঁনে নিস্পাপ পৃথিৱীত
সান্ধ্য-আইনৰ ধাৰাবাহিকতা ।

ভয়াৰ্ত মুখৰ প্রকাশ্য চাৱনি
সংবিধানিক ৰক্ষাকৱচ
হাঁহি হাঁহি পাৰ কৰিব পাৰা
নিদিও মই তাত সংজ্ঞা
অনুপ্রৱেশ তোমাৰ জীৱনলৈ ।

মাতাল পৃথিৱীত দুখৰ সময়
নিষ্ঠুৰ জীৱনৰ বাবে
প্রয়োজন জীৱনৰ অধিবক্তা
নালাগে সিঁহতক
শূন্যতা প্রাপ্তিৰ ওজৰ আপত্তি ।

নিঃকিন হৃদয়ৰ মৃত ব্যথা
তুমিতো নোহোৱা মোৰ কোনোকালে
জীয়াই ৰাখিম মই
হৃদয় কোণত
নিজ হৃদয় থ’ম কাৰাগাৰত ।

সংবিধানৰ অৱমাননা
যিহেতু প্রেমিক মই তোমাৰ
সংবিধানৰ বিৰুদ্ধাচৰণ ।।

মকৰা

কংকণ তালুকদাৰ

সৌ মকৰা বোৰে জাল গুঠিছে
এডাল এডালকৈ টানি আছে সূতা

আমাৰ দৰে পতংগবোৰক জালত পেলাই
নিজৰ স্বা্ৰ্থ সিদ্ধিৰ বাবেই
সিঁহতে জাল গুঠে
সিঁহতৰ ঠেংবোৰৰ দৰে
সম্প্রসাৰিত সিহতৰ আকাঙখা
সিহতে ভাবি নাচায় এবাৰো
আমাৰ দৰে ক্ষুদ্র পতংগবোৰৰ কথা

সেয়েহে আমি ক্ষুদ্র পতংগবোৰে
এটি আন্দোলন কৰিব লাগে
স্বা্ৰ্থপৰ মকৰা বোৰৰ বিৰুদ্ধে
কিয়োনো-
আমি ক্ষুদ্রজীৱ হ'লেও
আমাৰো জীয়াই থকাৰ অধিকাৰ অছে
আমাৰো সপোন দেখাৰ অধিকাৰ অছে।

Wednesday, April 13, 2011

পাণ্ডুলিপি

হৃষীৰাজ শৰ্মা

পাণ্ডুলিপিটো প্ৰস্তুত কৰাই নহ’ল
হয়তো হাতৰ আঙুলিবোৰ শীতৰ বুকুত জাহ গ’ল
পাণ্ডুলিপিটো প্ৰস্তুত কৰিম বুলি ভাবোতেই
বুকুত বেদনাৰ বাঁহী এটি বাজি উঠিল
শাওণ আহক বা নাহক,
তোমাৰ লুণীয়া অশ্ৰুৰ প্লাবন আহিল
তোমাৰ মৌনতাই ৰচা কবিতা
বিষাদ সুৰীয়া এটি গান হ’ল
মোৰ হৃদয়ৰ পাণ্ডুলিপি হিয়াতেই পমি ৰ’ল

নাগপুৰ
০৬/০৮/২০০৮

Tuesday, April 12, 2011

বুকুৰ বেই ভাঙি

জ্যোতিময় দত্ত

বুকুৰ বেই ভাই ভাঙি
কপি-কপি আতৰি গ’ল
হিয়াৰ কাঁচিজোন

কৰুণতাৰ পোছাক পিন্ধি
ছায়াকোঠাত উচুপি
থকা হ’ল
আৱেগৰ দুচকু

কঠিনতাৰ বোকোচাত উঠি
হো-হোৱাই আহিল পানীপিয়াৰ
মাতবোৰ

আৰু
মোক শুৱাই থৈ গ’ল
জয়াল ৰাতিৰ মৰিশালিত |

(এটা নিবিচৰা দিনক লৈয়ে মোৰ এই কবিতা )

এডাল ৰেখা,

তৰঙ্গম ডেকা

এডাল ৰেখা,

জীৱনৰ তুচ্ছতাৰ মাজতো
বিচাৰি যাওঁ
ক’লা মেঘৰ মাজেৰে নিগৰি অহা,
ছিৰাল ফাট দিয়া বুকু খনিক আশা দেখুওৱা


এডাল সৰল হেঙুলীয়া ৰেখা ||

Monday, April 11, 2011

দেবদাৰু

তৰঙ্গম ডেকা

মোৰ প্ৰেম যেন দেবদাৰু,
হোৱাই নাছিল কিন্তু যেতিয়া হ’ল
ইমানেই বাঢ়ি গল যে মই ধৰি ৰাখিবই নোৱাৰিলো,
মোৰ প্ৰেম যেন দেবদাৰু, মোৰ প্ৰেম যেন দেবদাৰু||

পাহৰি থাকিব পাৰো বাবেই

কংকণ তালুকদাৰ

মই,
জোন আৰু সূৰুযৰ
আলোকেৰে ভৰা চোলাটো বিচাৰিছিলো
দিনৰ বীভৎস পোহৰ আৰু ৰাতিৰ কুঁৱলি
অবিহনে একোৱেই নাপালো।

পাহৰি থাকিব পাৰো বাবেই
সপোন স্তিমিত আহত সময়ক সাৱটি
জীয়াই থাকো ৰূপালী দিনৰ সন্ধানত...