পৃষ্ঠা সমূহ

Sunday, April 17, 2011

ছাঁ পোহৰৰ খেলা

শান্তনু চাংমাই

ফুলৰ সতে কথা পাতি পাতি আমনি লগা ছোৱালীজনীয়ে প্ৰতিটো ভোমোৰাকে কৈ যায় তাইৰ আকুলতাৰ কথা/ বিচাৰি আনিবলৈ দিয়ে তাইৰ সপোনৰ কোঁৱৰক/

আঙুলিৰ পাবত দিনবোৰ যেন নাযায় নুপুৱায়/ সৰাপাতে ঢাকি ৰাখিব নোৱাৰে সংগীতৰ পূৰঠ সুৰবোৰ/
এপাহ এপাহ কৈ প্ৰতিপাহ ফুলৰ পাপৰি গণি শেষ কৰি পেলাইছে তাই/ তাইতকৈ ধুনীয়া হ’ব খোজা ফুলপাহিক পাতৰ সতে সী পেলাইছে/

কোমল ঘাঁহডৰা নিতৌ গোলাপৰ পাপৰি ছটিয়াই ভাস্কৰ কৰি ৰাখিছে/ বতাহত বিয়পাইছে বচা বচা আতৰৰ সুৰভি/ কোঁৱৰক লৈ কিমান যে জন্পনা/

নেদেখা নুশুনা ছবিখন মনতে আঁকি লৈ তাই উষাৰ পৰা চিত্ৰলেখা হৈছে/
অকণমান ছাঁ পৰিলেই তাই ডবিয়াই মেলি পোহৰৰ ব্যৱস্থা কৰিছে /

জীৱনত এবাৰ হলেও প্ৰেমত পৰিবা ব্ন্ধু

চয়নিকা কৌশিক

জীৱনত এবাৰ হলেও প্ৰেমত পৰিবা ব্ন্ধু
কোনো ব্যক্তিৰ প্ৰেমত হে পৰিবা, তেনে নহ্য়,
প্ৰেমত পৰা এটি নতুন আশাৰ,
এটি সপোনৰ
এটি লক্ষ্যৰ
এটি কবিতাৰ
এটি সন্ধিয়াৰ
এটি নিয়ৰ সেমেকা পুৱাৰ
এটি তন্দ্ৰাময় জোনাক নিশাৰ||

দেখিবা
এই প্ৰেম হৈ উঠিব এদিন তোমাৰ বাবে,
সুন্দৰ পুৱা এটি আদৰিবলৈ কৰা
মিঠা হেপাঁহ|

অসুখ

উচ্চজিৎ কলিতা

সিদিনা বতাহ আছিল গধূৰ,
উশাহত শেৱা্লি ফুলাৰ গোন্ধ,
উজাগৰী কো্ঠালিত বিয়পি গৈছিল এটি নিৰৱ সুৰ |
সিদিনা বতাহ আছিল গধূৰ
মাটিৰ কলিজাত দুখৰ আবুৰ,
নিশাহত পোৰা মাটিৰ গোন্ধ |
সিদিনা বতাহ আছিল গধূৰ,
উশাহত শেৱা্লি ফুলাৰ গোন্ধ |

প্রেমৰ সংবিধান

 হিৰণ্য হাজৰিকা

মই যিহেতু তোমাৰ প্রেমিক
লিখিব পাৰোনে মই
প্রেমৰ সংবিধান
... ৰচিব পাৰোঁনে নিস্পাপ পৃথিৱীত
সান্ধ্য-আইনৰ ধাৰাবাহিকতা ।

ভয়াৰ্ত মুখৰ প্রকাশ্য চাৱনি
সংবিধানিক ৰক্ষাকৱচ
হাঁহি হাঁহি পাৰ কৰিব পাৰা
নিদিও মই তাত সংজ্ঞা
অনুপ্রৱেশ তোমাৰ জীৱনলৈ ।

মাতাল পৃথিৱীত দুখৰ সময়
নিষ্ঠুৰ জীৱনৰ বাবে
প্রয়োজন জীৱনৰ অধিবক্তা
নালাগে সিঁহতক
শূন্যতা প্রাপ্তিৰ ওজৰ আপত্তি ।

নিঃকিন হৃদয়ৰ মৃত ব্যথা
তুমিতো নোহোৱা মোৰ কোনোকালে
জীয়াই ৰাখিম মই
হৃদয় কোণত
নিজ হৃদয় থ’ম কাৰাগাৰত ।

সংবিধানৰ অৱমাননা
যিহেতু প্রেমিক মই তোমাৰ
সংবিধানৰ বিৰুদ্ধাচৰণ ।।

মকৰা

কংকণ তালুকদাৰ

সৌ মকৰা বোৰে জাল গুঠিছে
এডাল এডালকৈ টানি আছে সূতা

আমাৰ দৰে পতংগবোৰক জালত পেলাই
নিজৰ স্বা্ৰ্থ সিদ্ধিৰ বাবেই
সিঁহতে জাল গুঠে
সিঁহতৰ ঠেংবোৰৰ দৰে
সম্প্রসাৰিত সিহতৰ আকাঙখা
সিহতে ভাবি নাচায় এবাৰো
আমাৰ দৰে ক্ষুদ্র পতংগবোৰৰ কথা

সেয়েহে আমি ক্ষুদ্র পতংগবোৰে
এটি আন্দোলন কৰিব লাগে
স্বা্ৰ্থপৰ মকৰা বোৰৰ বিৰুদ্ধে
কিয়োনো-
আমি ক্ষুদ্রজীৱ হ'লেও
আমাৰো জীয়াই থকাৰ অধিকাৰ অছে
আমাৰো সপোন দেখাৰ অধিকাৰ অছে।

Wednesday, April 13, 2011

পাণ্ডুলিপি

হৃষীৰাজ শৰ্মা

পাণ্ডুলিপিটো প্ৰস্তুত কৰাই নহ’ল
হয়তো হাতৰ আঙুলিবোৰ শীতৰ বুকুত জাহ গ’ল
পাণ্ডুলিপিটো প্ৰস্তুত কৰিম বুলি ভাবোতেই
বুকুত বেদনাৰ বাঁহী এটি বাজি উঠিল
শাওণ আহক বা নাহক,
তোমাৰ লুণীয়া অশ্ৰুৰ প্লাবন আহিল
তোমাৰ মৌনতাই ৰচা কবিতা
বিষাদ সুৰীয়া এটি গান হ’ল
মোৰ হৃদয়ৰ পাণ্ডুলিপি হিয়াতেই পমি ৰ’ল

নাগপুৰ
০৬/০৮/২০০৮

Tuesday, April 12, 2011

বুকুৰ বেই ভাঙি

জ্যোতিময় দত্ত

বুকুৰ বেই ভাই ভাঙি
কপি-কপি আতৰি গ’ল
হিয়াৰ কাঁচিজোন

কৰুণতাৰ পোছাক পিন্ধি
ছায়াকোঠাত উচুপি
থকা হ’ল
আৱেগৰ দুচকু

কঠিনতাৰ বোকোচাত উঠি
হো-হোৱাই আহিল পানীপিয়াৰ
মাতবোৰ

আৰু
মোক শুৱাই থৈ গ’ল
জয়াল ৰাতিৰ মৰিশালিত |

(এটা নিবিচৰা দিনক লৈয়ে মোৰ এই কবিতা )

এডাল ৰেখা,

তৰঙ্গম ডেকা

এডাল ৰেখা,

জীৱনৰ তুচ্ছতাৰ মাজতো
বিচাৰি যাওঁ
ক’লা মেঘৰ মাজেৰে নিগৰি অহা,
ছিৰাল ফাট দিয়া বুকু খনিক আশা দেখুওৱা


এডাল সৰল হেঙুলীয়া ৰেখা ||

Monday, April 11, 2011

দেবদাৰু

তৰঙ্গম ডেকা

মোৰ প্ৰেম যেন দেবদাৰু,
হোৱাই নাছিল কিন্তু যেতিয়া হ’ল
ইমানেই বাঢ়ি গল যে মই ধৰি ৰাখিবই নোৱাৰিলো,
মোৰ প্ৰেম যেন দেবদাৰু, মোৰ প্ৰেম যেন দেবদাৰু||

পাহৰি থাকিব পাৰো বাবেই

কংকণ তালুকদাৰ

মই,
জোন আৰু সূৰুযৰ
আলোকেৰে ভৰা চোলাটো বিচাৰিছিলো
দিনৰ বীভৎস পোহৰ আৰু ৰাতিৰ কুঁৱলি
অবিহনে একোৱেই নাপালো।

পাহৰি থাকিব পাৰো বাবেই
সপোন স্তিমিত আহত সময়ক সাৱটি
জীয়াই থাকো ৰূপালী দিনৰ সন্ধানত...

Sunday, April 10, 2011

মা

ৰিদিপ কুমাৰ নাথ

শেঙুণ উজাই উজাই হঠাতে এদিন সুধিছিলো
বুঢ়ী হ’লে তোক কি বুলি মাতিম মা?
উচপ খাইছিলি তই !
সময়ৰ বোকোচাই কঢ়িয়াই নিব নেকি মোকো
যৰ পৰা ঢুকি নাপাম তোৰ দৰদী কোলা?
তই চিন্তা নকৰিবি মা
তোৰ মমৰঙী চুলিয়েও মোক ডাঙৰ কৰিব নোৱাৰে দে
হৃদয়খন মোৰ কংক্ৰিটেৰ নবনাওঁ দে মা
আজুৰি আনি বিক্ৰী নকৰো দে আনৰ ওচৰত
নাতিয়েৰক সাধু শিকাবিনে তই মা.......তেজিমলা, বুঢ়ী আই,লটকন
শিকাবিনে তই তৰা গণিবলৈ?
পিঠাৰ জুতি নাপালে বোৱাৰীয়েৰক তইয়েই শিকাবি,
বুঢ়ী হ’লেওঁ তোক মা বুলিয়েই মাতিম
মই লাজ নকৰো দে মা

ঊষা নগৰীত সন্ধিয়া

জ্যোতি সংগীতা দত্ত

গণেশঘাটেদি জোনটো উঠি আহিলে
গাভৰু হয় চহৰ খন

বতাহ জাকত পাগ উঠিলে..
শিমলু তুলা হৈ খহি থাকে আকাশ

অগ্নিগড়ত উমি উমি জ্বলি থাকে তেতিয়াও..
গুচি যাব নোখোজা সুমথিৰা ৰ’দ

দুৰ্দান্ত সপোনেদি সোমাই আহে
ঊষাত বন্দী কোনোবা অনিৰূদ্ধ..
প্ৰেমিক হৈ উঠে গোটেই চহৰ খন

আন্ধাৰখিনিত বিয়পি যায়
ঊষাত হেৰুওৱা সময়
হ’ব নোৱাৰা উভতনিৰ য্ন্ত্ৰনাৰে চহৰখন গৈ থাকে

মুখৰ হৈ উঠে
ভাগৰুৱা চহৰখনৰ প্ৰত্যেকটো গলি
নিৰৱচ্ছিন্ন আলাপ আৰু ব্যস্ত পায়চাৰিত
লাহে লাহে নিখোজ হ্য় প্ৰেমিক চহৰখনত মৌনতা...

(..........এটা ফাগুনীয়া আবেলি প্ৰেমত পৰিছিলো চহৰখনৰ........)

Saturday, April 9, 2011

তোমালৈ…

চন্দ্ৰমা কলিতা

তোমাৰ হিয়াৰ বুলনিত খোজ দিব দিয়া এবাৰ
মই সেউজীয়াৰ বাতৰি হৈ বুটলি আনিম সকলো হালধীয়া।
দুচকুৰ গভীৰতাত ডুবি চাব দিবাচোন কাহানিবা,
মই জোনাক হৈ সিঁচি আহিম তাত এধানি ৰূপালী আভা।

হেঙুলীয়া আবেলি এটিত আহিবা কেতিয়াবা,
গধুলিলৈকে আমি পাতি থাকিম,
গুটিমালি ফুলবোৰৰ কথা

অপেক্ষা

লিনাজনা শৰ্মা

তোমাৰ উমাল পৰশ পাবলৈ ৰৈ আছোঁ এহেজাৰ বসন্ত ।
পচিমা বতাহে কাণে কাণে কৈ গ’ল হথাতে
কন্দুৱাই মোক,
তোমাৰ বাতৰি পাবলৈ নাই আজিও।
মলিন তামস হৈ ৰ’ল মোৰ দিগন্ত ॥

Friday, April 8, 2011

সেই নাৰীয়ে কি বিচাৰে

জ্যোতিময় দত্ত

সেই নাৰীয়ে কি বিচাৰে
যাৰ বুকুত কলমলাই থাকে অবুজ শিশু এটাই

যাৰ ওচৰলৈ হাজাৰবাৰ ডেউকা কোবাই উৰি
যাব খোজে বালিমাহী চৰাই

দুওঠৰ সুহুৰিত নৈৰ-পাৰলৈ ল’ৰ দিয়ে
ৰাতিৰ জোঁনটোৱে যাক বিচাৰি

যিয়ে পোহৰাই ৰাখে মোৰ দুচকুৰ বাট
সজাই থয় বিচাৰি ফুৰা সপোনময়তা

সেই নাৰীয়ে কি বিচাৰে
যাৰ ওঠৰ কপনিত তিতি থাকে উশাহ

যিয়ে মিচিকিয়া হাহিৰে চঞ্চল কৰে প্ৰৱাহী বতাহ
যাৰ কোচত মূৰ থৈ শুৱে চুলি মেলি মৌনতাই

সেই নাৰীয়ে কি বিচাৰে
যাৰ বাবেই উচুপনিৰ পতাত জ্বলি- জ্বলি
ওলমি থাকে ৰাতিৰ নক্ষত্ৰ

বিষাদ স্তৱক

জ্যোতিময় দত্ত

নিগাজিকৈ বুকুত ঠাই দিয়াৰ পিছতো
সোমাই আহি এটা নামেৰে শিপাবলৈ দিয়াৰ পিছতো
বিষবোৰ বিষ হৈয়েই থাকিল

বৰষুণত মই তিতি থকাই হ’লো দিন-ৰাতি
মই মনৰ মাজতে ভঙা- গঢ়াৰ খেল এখন
খেলি থাকিলো তোমাক লৈ ।

Thursday, April 7, 2011

"মা"লৈ এখন চিঠি:

হৃষীৰাজ শৰ্মা

মা তোমালৈ এখন চিঠি লিখিম বুলি ভাবিছিলোঁ
সেই যে তাহানিতে বুকুৰ বাবাৰ শিৰত হাত ফুৰাই বিদায় দিছিলা
নোটোকো বুলিয়েইটো চকুপানীবোৰ সযতনে সাঁচি থ’লা
কিমান বিশাল তোমাৰ হৃদয়ৰ প্ৰতিটো কোঠালী
য’ত তুমি সাঁচি ৰাখিছা সময়বোৰ
সেই সময়বোৰকেই একলগ কৰি লিখাৰ কথা আছিল এদিন
তোমাৰ বিশালতাক কেতিয়া চিনি পাম মই?
মা মই দেখিছোঁ বন্ধুত্বৰ সোৱাদ, মৰমৰ প্ৰকাশ
মই দেখিছোঁ নদী পাৰ হৈ অহা প্ৰতিজন লোকৰে গুপুত অহংকাৰ
আৰু দেখিছোঁ আত্মপ্ৰতিষ্ঠাৰ দৌৰত নিজকে হেৰুৱাব খোজা প্ৰতিজনৰে নীৰৱ শোক
এই দেখি থকা বোৰকে তোমাকো দেখুৱাবলৈ খুজিছিলোঁ
পিছে কোনোবাই এদিন ক’লে,
চিঠিয়ে হেনো হৃদয়ৰ বতৰা কঢ়িওৱা বন্ধ কৰিছে আজিকালি
মা, তুমিতো তোমাৰ বাবাৰ অন্তৰৰ কথাবোৰ বুজি পাবা অন্তত
মই এতিয়াও তাহানিৰ বাবা হৈয়েই আছোঁ তোমাৰ বাবে
মা সময়বোৰ বদলিল,
হয়তো তুমি সাঁচি থোৱা সময়বোৰ আজিৰ বাবে ইতিহাস
পাঁচ বছৰত কত নদীয়ে সোঁত সলালে তাৰ হিচাপ তুমিতো ৰখা নাই
পাঁচ বছৰত মৰিশালিত ফুল গজিল, দিন বাঢ়িল, ৰাতি বাঢ়িল
নোকোৱা কথাবোৰ কৈ কৈয়েই কোনে কিমান কাঢ়িলে
তাৰ খবৰ তুমিতো ৰখা নাই
কিমান ৰাখিলোঁ, কিমান দিলোঁ,
সকলোবোৰ আজি অতীত মা
তোমালৈ লিখিবলৈ দুখ লাগিছে,
দূৰণীতো অনুভৱ কৰিছোঁ জাতিৰ পতন আৰু ব্যৰ্থ ৰণহুংকাৰ
মা, জীৱনৰ সকলো দ্বাৰ বন্ধ হোৱাৰ পিছত
মইও দৌৰিছোঁ ভোগবাদীৰ ভাৱনাত
পদে পদে বিশৃংখল হৈ পৰিছে মোৰ সত্ত্বা,
স্বপ্নবোৰ বৰ ভয়ানক মা
কেৱল জীয়াই থকাৰ তাড়নাতে চকু থাকিও কণা, কাণ থাকিও কলা আজি মই
বিপন্ন পথেৰে বহুখিনি আগবঢ়াৰ পিছত দিনবোৰৰ লগত মিলিবলৈ শিকিলোঁ
আৰু এদিন হাতত ধৰি পোহৰৰ স’তে চিনাকী কৰাই দিলে এজনে
দেখিলোঁ আজিও পুৱাৰ বেলিৰ সেই একেই সুমথিৰা ৰং
শুকুলা কুঁৱলীবোৰৰ আৰ্দ্ৰতা আৰু বতাহত ভাঁহি অহা মন্ত্ৰধ্বনি
বিশ্বাস কৰিবানে মা, সকলোবোৰ যেন আজিও সাৰে আছে
অন্তৰেৰে বৈ গৈছে সহস্ৰ সমুদ্ৰৰ ঢল
মই মুগ্ধ মা, তোমাৰ সময়বোৰ সযতনে আছে আজিও
তুমি সাঁচি ৰখা সময়বোৰকে ন সাজত নতুনকৈ গঢ়ি পিতি সজাম বুলি ভাবিছোঁ
তুমি আশীৰ্বাদ দি যাবা মা, তোমাৰ বাবা এতিয়া ঘূৰি আহিছে
কোনো কথাই সলনি হোৱা নাই এতিয়াও, তুমি শিকোৱাৰ দৰেই
মই আজিও জন্মৰে ভাৰতীয়, হৃদয়ৰে অসমীয়া..

Wednesday, April 6, 2011

সেই গান নাগাবি বাৰিষা নামে

ৰিদিপ কুমাৰ নাথ

সেই গানত অস্তাচলৰ বেলি এটি বাস কৰে
হালধীয়াৰ পৰা হেঙুলীয়া হোৱাৰ আগলৈকে
সুমধুৰ আছিল সেই গান !
ছন্দ হেৰুৱাই বেসুৰা হোৱাৰ পৰলৈকে
তাত জোনাক নামিছিল,
এতিয়া বাৰিষা নামে |
হেপাহৰ বিপৰীতে কক্‌বকনি হয় সহচৰ
আৰু গানটোত ফুটি উঠে ভাগৰ |

সেই গানে জোৱাৰ আনে
সেই গান নাগাবি বাৰিষা নামে

Sunday, April 3, 2011

নীলা খামৰ চিঠি

চাও মুক্তিনাথ গগৈ

এজাক ধুমুহাই
মোৰ হেপাহৰ ফুলনিখন আতৰাই নিলে
বহুদুৰ বহুযোজন ।।
আবেলিৰ হেঙুলিয়া আভাই
আজিকালি মোক আমনি নকৰে...
তোমাৰ স্মৃতি সোঁৱৰাই ।।
নতুবা নকৰে,সূয্যাস্তক হাতবাই বিদায় জনোৱা
সেই বগা বগলীজাকেও ।।
যাৰ পিঠিত উঠি মই গৈছিলো
তোমাৰ আকুলতাৰ কাষলৈ ।।
সময়ৰ গতিশীলতা বা বামৰলীয়ে
মোক আজি নিচেই অকলশৰীয়া কৰি তুলিলে ।।
কিন্ত
হিয়াৰ কোণত এতিয়াও তোমাৰ স্মৃতি..
পৰি আছে নীলা খামৰ চিঠিহে.... ।।

কথাকবিতা

শান্তনু চাংমাই

বহাগ

দুৰ্দান্ত যুৱক মই - নাম মোৰ বহাগ | অপ্ৰতিৰোধী জলপ্ৰপাতৰ দৰে চুৰ্ণ-বিচুৰ্ণ কৰি আগুৱাই যাওঁ সহস্ৰ শিলৰ প্ৰাচীৰ | বৰদৈচিলা ব্ৰহ্মাস্ত্ৰৰে বধি যাওঁ নিশকতীয়া মনৰ কাপুৰুষবোৰক | গজিবলৈ নিদিও মুঙদুনচুনখামত এলাহৰ বিজলুৱা শেলুৱৈ | মানুহক ঠগি খোৱা চামৰ বাবে তৈয়াৰ কৰো মৃত্যুনামা | নচচা শুল সাজু কৰো দিবলৈ শাস্তি | তুমি হয়তো সুধিবা- “ক’তা, কেতিয়াওতো দেখা নাই তোমাৰ ন্যায়? কেতিয়াওতো ৰাঙলী হোৱা নাই লুইতৰ বুকু কপট-কুলাঙ্গাৰসকলৰ শোণিতেৰে ?” এৰা হয়তো ঠিকেই কৈছা তুমি | লাওপানী, মঙহৰ নিচাত বুৰ গৈ ময়ো কেতিয়াবা পাহৰি যাও মোৰ নিজৰেই কৰ্তব্য | চহালেইতো নহ’ব- বৰষুণেও তিয়াব লাগিব মাটিৰ পিঠি | মাথো যহালেইতো নহ’ব- কামেহে দাঙি ধৰিব মোৰ প্ৰকৃত পৰিচয়- মোৰ দুৰ্দান্ত স্ৱৰূপ | তোমালোকে এটা কাম কৰা- সেই যে ফাইলটো দেখিছা? তাতেই সুমুৱাই থৈ যোৱা তোমালোকৰ অভিযোগৰ দৰ্খাস্তবোৰ; সময় হ’লে নিশ্চয় খুলি চাম- অহা বছৰ চ’ত মাহ নৌ আহোতেই |

ৰঙালী

দীপলিপ চিৰযৌৱনা গাভৰু- নামটো নাজানা জানো? ৰঙালী | প্ৰথম বিহুকুৱৰী হৈছিলো- ছশমান বছৰৰ আগতেই | এতিয়াও মানুহে মোৰ কথা মনত ৰাখিছে | বহাগ আহিলেই সোধে মোৰ ঠিকনা- সোধে মোৰ প্ৰগ্ৰাম এইবাৰ ক’ত ক’ত ৰাখিছে | টিকেটৰ যি হে দাম, তথাপিও মানুহ আহে জাক জাক- গাড়ী ভাড়া কৰি কৰি | সস্তীয়া থিয়েটাৰ নাইবা চিনেমাতকৈ মই জন্মাৰ পাৰো অধিক আপোনতা | মোৰ বুকুৰ উঠা-নমাত প্ৰাণ পায় প্ৰতি বছৰে অলেখ ডেকা সপোনে | সেয়ে অসমৰ মোৰ দাম বেছি - | তুমি যদি থাকা কোনো সস্তীয়া বস্তি অথবা গাৱত- মোক হয়তো নেদেখিবও পাৰা | সাতদিনতে ইমান যে অনুষ্ঠান আবদাৰ পূৰ কৰিব লগীয়া হয়, তোমাৰ অন্চললৈ নহাৰ বাবে ভূল নুবুজিবা- অহা বছৰ নিশ্চয় আহিম, কিন্তু আগতীয়াকৈ মোক “বুকিঙ” কৰি থ’বলৈ নাপাহৰিবা |

Saturday, April 2, 2011

বিশ্বাস

জ্যোতি সংগীতা দত্ত

তুমি হেৰাই নোযোৱাৰ পৰত
মই মোক হেৰুৱাই পেলালো
উমান নাপালো
মোৰ ৰ’দ আৰু বৰষুণৰ চোতালত
আচলতে শূণ্যই আছিল
তোমাৰ খোজৰ গভীৰতা

স্মৃতিৰ উদ্যান

যামিনী অনুৰাগ

মোৰ বুকুৰ খিৰিকী মেলি দিলো,
এন্ধাৰৰ জাল বন্ধা ধূলিময় বাটেৰে সোমাই আহিল ফাগুনৰ বতাহজাক ,
আৰু উদাস-উদাস ফাগুনৰ এজাক ৰ’দ
শিৰ-শিৰাই উঠিল দেৱালবোৰ
বহু যুগৰ সীমাহীন অপেক্ষাৰ ক্লান্তি ভাঙি যেন এক ৰৌদ্ৰস্নান

অভিমানত ডুবি থাকিল দেৱালৰ ঘড়ীটো
’কিয় মোৰ বাবে নাছিল তোমাৰ তিলমানো অৱকাশ
অসাৰ যাতনাত ডুবি ৰ’ল ক’ত বসন্ত
আজি কিয় ঘূৰি চালা মোৰ ফালে !’

শুই আছে মোৰ বুকুৰ কোঠালিৰ আচ-বাব বোৰ
মোৰ পঢ়া-মেজৰ অকামিলা টিপ-চাকিটো
মোৰ আধালিখা ডায়েৰীবোৰ
চিলিঙত ওলোমা বিচনীখন
আৰু এটা নিলিখা কলম

অৱসাদৰ ধূলি চামনিত পোত খাই আছে মোৰ স্মৃতিৰ উদ্যান
খিৰিকীৰে জুমি চালো, মৰহি যোৱা গোলাপৰ পাহিত লাগি আছে নেকি
সন্ধিয়াৰ সেই কিছু একান্ত ক্ষণ,
ক’ৰবাত ৰৈ আছে নেকি অপেক্ষাৰ কবিতা
ওঠৰতা বসন্তৰ হিচাব-নিকাচ

অৱসাদে মূক কৰি নিছে মোক
ধূসৰ হৈ আহিছে দৃষ্টিৰ গভীৰতা
সন্ধিয়াৰ আগমনে সোঁৱৰাই দিলে
জোনাক হ’ব নোৱাৰাৰ কি যে দুখঃ

সেই নাৰীৰ বাবেই প্ৰেমিক হৈ উঠিছো

জ্যোতিময় দত্ত

সেই নাৰীৰ বাবেই প্ৰেমিক হৈ উঠিছো
তাইৰ বুকুত উমলি থকা কাঁচিজোনে পোহৰাই থাকে মোৰ নিশাক

দুভৰিৰ যন্ত্ৰণাক পাহৰি খোলা চকুৰে পাৰ কৰিছো হেজাৰ ৰাতি
মোৰ কলিজাত পুৰাতন প্ৰাচীৰত আঁকি যোৱা দহোআঙুলিৰ যন্ত্ৰণা

হালি থকা সপোনক বান্ধি দিছো সময়ৰ বোকোচাত
দুহাতত জপাই থৈছো তামৰঙী দুপৰীয়াৰ কাতৰতা

সেই নাৰীৰ বাবেই মোৰ এন্ধাৰ বাটত গধূৰতা
ধোৱাৰঙী আকাশত হাহাকাৰৰ গাজোন

নিজক কবৰ দি সপোনক তুলি ধৰাৰ গোপন আয়োজন
গছৰ ফাকত ফচি ৰয় জোন, নৈ:শব্দৰ কাতৰতা, জিলিৰ উচুপনি

সেই নাৰীৰ বাবেই জোৰ কৰি চেপি থ’ব খোজো দুওঠৰ কপনি
ভাগৰুৱা দুচকুত হানি দিও জঠৰতা

তাইৰ বাবেই হাহি-হাহি মোৰ দিন আৰু ৰাতিবোৰলে নমাই আনো এন্ধাৰ
তিতা কলিজাত পুতি থও পানিপীয়াৰ চিনাকি মাত এটা

সেই নাৰীৰ বাবেই আকুলতাৰ বাটত জাৰি কৰিছো সান্ধ্য আইন
নিজক খুন কৰি তুলি লৈছো দুচকুত চিপচিপিয়া এজাক অবতৰীয়া বৰষুণ

Friday, April 1, 2011

স্নেপস্বট

 জ্যোতিময় দত্ত

শিলৰ শব্দবোৰ মজিয়াত থেকেচা খাই পৰোতে
মাটিৰ মানুহে উই হাফলু হৈ দেৱাল বগালে

টেটু চেপা বতাহে কপালে সাধুশুনা চোতাল
কলিজাৰ কেঁচা তেজ মিলি গ’ল ধাৰেকটা পানীত

ঢলি পৰা সাকোখনেৰে সময়ৰ নৈ-খন পাৰ হওতে
হালধীয়া ৰ’দে ফালি থৈছিল গাৱৰ মাটিৰ মনবোৰ

চকুৱে চকুৱে জিলিকি ৰৈছিল আখৰাভূমিৰ পোৰা অঙঠা
দহোআঙুলিৰ ফাকেৰেই সৰকি গৈছিল বিচাৰি ফুৰা স্ৰোত-চেতনা

ওঁঠ পুৰিছিল ,দুভৰি তলুৱা জ্বলিছিল
হেৰুৱা মাতেৰেই ভূকুৱাই আছিলো স্বপ্নহাৰা বুকুবোৰ

ধুনীয়া গাভৰুবোৰ

হৃষীৰাজ শৰ্মা

তেওঁলোকে খোজ নাকাঢ়ে মাটিত,
নাচায় বিফল প্ৰেমিকলৈ কিম্বা নাহাঁহে |
তেওঁলোক যেন
কোনোবা অভিমানৰ খনিকৰে আলফুলে সজোৱা পুতলা
য’ত সুন্দৰতাৰ প্ৰলেপ আছে, কিন্তু জীৱন নাই;
ধুনীয়া গাভৰুবোৰ মৰতৰ বিকাৰ ||
তেওঁলোকৰ বাবেই দিন-ৰাতি, সেউজ আৰু ফুলবোৰ
তেওঁলোকৰ বাবেই সন্ধিয়াৰ তৰা আৰু শৰতৰ গানবোৰ
তেওঁলোকৰ উশাহত সোমাবলৈ ব্যাকুল উন্মাদ মলয়া
ধুনীয়া গাভৰুবোৰে মৰতক সৰগ কৰে অহোৰাত্ৰ..|
ধুনীয়া গাভৰুবোৰৰ দুচকুত নথাকে অনুভৱৰ আৱহ সংগীত
টেলিভিচনৰ পৰ্দাৰ পৃথিৱীত চকুপানী টোকাৰ নিৰ্মোহ আখৰা
দাপোনৰ প্ৰেমত পৰি গুলপীয়াবোৰৰ ৰক্ষাৰ কাতৰ প্ৰাৰ্থনা
আৰু ভগৱানৰ নামত এশ এবুৰি শপত.!
ধুনীয়া গাভৰুবোৰ নিমখীয়া আশা
প্ৰেমৰ নামৰ চতুষ্পদী কবিতা
তেওঁলোকৰ আবাহনত নিদ্ৰাগ্ৰস্ত হয় কাৰোবাৰ হাতৰ তুলিকা
কবিৰ হিয়াই হিয়াই সিঁচি থয় প্ৰেমৰ কঠিয়া
ধুনীয়া গাভৰুবোৰ যেন নিমিলা স্থানাংক জ্যামিতি
হয় ইপাৰ নহ’লে সিপাৰ
ধুনীয়া গাভৰুবোৰ মৰতৰ বিকাৰ ||