পৃষ্ঠা সমূহ

Tuesday, March 29, 2011

প্রতীক্ষা

চাও মুক্তিনাথ গগৈ

হয়,
মই আজিও বিচাৰো তোমাক ।।
বিছাৰো,
তোমাৰ সৈতে কটোৱা আকাশ নীলা সৈই দিনবোৰ ।।
আজিও মই চাব বিছাৰো,
নিম গছৰ আৰেৰে আকাশৰ জোনবাইটি ।।
যত লিখা আছে,
তুমি আৰও মই লিখিব বিছৰা আধৰোৱা সপোণবোৰ ।।
সময়ৰ গতিশীলতাৰ মাজতো,
এতিয়াও মই বিছাৰো
তোমাৰ ভালপোৱাৰ নিবিৰ পৰশ ।।
সচকৈ আহিবানে বাৰও তুমি ।।

Monday, March 28, 2011

দিবাস্বপ্ন

অৰুন জ্যোতি দাস
(ক)
ভাৱিছিলো,ময়ো এদিন সেউজ হ’ম,
এবুকু শইচ বুকুত সিঁচি গর্ভৱতী হ’ম;
প্রথমজাক বৰষুণতে তিতিম-
কবিতা লিখিম আৰু চিঁঞৰিম ।
অবুজ হ’ম নৈপৰীয়া বতাহজাকৰ দৰেই
নেজ লগাই এৰি দিম
চিলা এখন ক’ৰবালে’—
চকুত সানি ল’ম সুমথিৰা আবেলি এটাৰ
আটাইবোৰ সঁচা ৰং...

চোতালত খুদকণ খাবলে’ দিম ঘৰচিৰিকা এটাক
আৰু,
নিচাসক্ত হ’ম তোমাৰ প্রেমত

(খ)
এদিন হাত মেলোতে
তোমাক চুই চাইছিলো;
বৰ শীতল আছিলা তুমি ।

কিন্তু তোমাক পোৱাৰ দিনা ,
তুমি মোৰ ‘তুমি’জনী নাছিলা
তোমাক জোকোৱাৰ দিনা
তুমি বুজনি দিয়া নাছিলা;
জেউৰাৰ সিপাৰে ৰৈ গৈছিলা তুমি
সৰাপাত হৈ ।
বাঁহীৰ সুৰ এটা উভটি গৈছিল তলমূৱাকৈ
মই মূৰ গূজিছিলো,
কেতিয়াবাই ডুবি মৰা,ভেকুতা-ভেকুত গোন্ধোৱা
মদৰুৱা মোৰ সত্বাটোক লৈ ।।

দেৰগঞা বেলি

অৰুনজ্যোতি দাস

কোনোবা এদিন জোনটোৱে সুধিব তোমাক
কোন কোন আছিল তোমাৰ সখী..

কি বুলি ক'বা তুমি
কি বুলি ক'বা তুমি

কোনোবাখিনিত ব্যস্ত থকা কোনোজনৰ বতৰা পালে
অথবা সিৰাইদি কিবা এটা বৈ যোৱা যেন লাগিলে
তোমাৰ উচপিচ্ লাগিবনে----

বাঢ়িবনে
বাঢ়িবনে

সেই দেৰগঞা ৰান্ধনী-বেলি.. ।

Sunday, March 27, 2011

নিৰ্বাসন

জ্যোতি সংগীতা দত্ত

নিলগাই থৈছো
চিনাকি বৰষুণজাকে বাউলী কৰা প্ৰত্যেক খন আকাশ
য’ত অঁকা আছে
মোৰ প্ৰিয়তম সময়ৰ নিগাজী ঠিকনা |

Saturday, March 26, 2011

হোলোংঘৰ

জ্যোতিময় দত্ত

দুওঁঠৰপৰা পুৰণি শব্দবোৰ হেৰাই গৈছে
দুখৰ এন্ধাৰত কাতি হৈ আহিছে ৰাতিবোৰ
এপথাৰ তেজেৰে কেচেমা-কেচেম গোন্ধাইছে কেচা মাটি

হাজাৰটা থৰ চকুৱে চাই আছে সেই একেই গাত
দু:স্বপ্নৰ বাৰুদ জোকাৰি কম্ৰেডৰ দহোআঙুলি নাচি আছে
ওলমি ৰোৱা সপোনক লৈয়েই উচুপি আছে স্বহীদ

কাৰ চেপি ধৰা বুকুত কোনে হেচি থৈছে চেচা বিষবোৰ
কাৰ চিতাৰ জুইত কাৰ এঙাৰ হৈছে মৰণকাতৰ আতস্বৰ

এই যে মৃত মানুহবোৰে সোলোকাই থৈছে কাপোৰ
ইয়াৰ পিছতো
কাৰ বাবে কোনে সাজি আছে চকুত জ্বলা জুইৰ হোলোংঘৰ

( সাম্প্ৰতিক সময়ৰ ধাৰাল দৃশ্যপট....... মোৰ এই কবিতাৰ বিষয়)

Thursday, March 24, 2011

এগৰাকী নাৰীৰ বাবে ৰঙৰ সন্ধানত

ৰিদিপ কুমাৰ নাথ

তেওঁৰ ওঁঠযুৰি কেন্‌ভাচলৈ আহিলে ৰং বিচাৰি হাবাথুৰি খাওঁ
শেঁতা পৰা সেই দুওঁঠে মূকবধিৰ কৰি তোলে মোক |
লাফিং গেছীয়া হাঁহিৰে কিমাননো আৰু দিন ঠেলিম ?
ডাৱৰীয়া চকুৰে আৰু কেইটা নিশা জলক্লান্ত হোৱাৰ কথা?
এমুঠি ৰং ছটিয়াম বুলি হাত মেলোতেই উমান পাওঁ শূন্যতাৰ
শূন্য দুহাতেৰে মটীয়া দুওঁঠ সেপিয়াই চাওঁ
বিপদসীমাৰ ওপৰত সেই ওঠ শেঁতা পৰি ৰয়
আৰু ম‍ই.....তাৱৈৰ কাৱৈ |
বগাই বগাই এযুৰি তৰা চিঙাৰ হেঁপাহ,
মটীয়া ওঁঠত ৰং গুজাৰ ঔফুলীয়া আশা,
চকুৰ আগত গৰাখহনীয়া আৰু
আপদীয়া ডাৱৰৰ কংসৰ কাৰাগাৰত বন্দী তৰা |
ডাৱৰেৰে বন্দী সেই বন্দীনীৰ গৰ্ভত
পাৰ কৰিছিলো ম‍ই দহটি মাহ |

আঃ কি জয়াল ৰাতি

অৰুনজ্যোতি দাস

মাজনিশাৰ নিস্তব্ধতা ভাঙি
বাজি উঠে মোৰ গাঁৱৰ পথত
গিৰিপ-গাৰাপ বুট জোতাৰ
গহীন শৱদ ।

মাজে মাজে তন্দ্ৰা ভাঙে
কুকুৰ জাকৰ ভুক্ ভুকনিয়ে

কলপাতত নিয়ৰ সৰাৰ ছন্দ ভেদি
নৈৰ সিপাৰে যেতিয়া নিশাটো শুই পৰে,

আঘোণৰ শেঁতা-শেতেলীত
ঠেতুৱৈ ধৰা বতাহত তেতিয়া
ভাঁহি আহে ঘন কুঁৱলীৰ
নীৰৱ উচুপনি ;

আঃ কি জয়াল ৰাতি!

Wednesday, March 23, 2011

সাঁথৰ

জ্যোতিময় দত্ত

দুভৰি জোকাৰি দৌৰি থকালৈকে বুকুবোৰ জীৱন্ত
চকুৰ চেলাউৰি কপি থকালৈকে লাজৰ উৰণী
দুহাত মেলি থকালৈকে কপালৰ আকাশ নীলা

যিমান দূৰলৈকে চাব পাৰি সিমানলৈকে বিশ্বাস
যিমান দূৰলৈকে বুজি উঠিব পাৰি সিমান দূৰলৈকে চিন্তাশীল
যিমানলৈকে জুখি চাব পাৰি সিমানেই বিবেক

দুচকুত দেউ দি থকালৈকে বাস্তৱ
ধূলিত পোত গৈ দেৱালত উলমি ৰ’লে
হৈ পৰে
মৰহা দিনৰ এটা উখহি পৰা সাঁথৰ |

( কিছু অনুভৱ পাৰ কৰি অহা দিনৰ... মোৰ এই কবিতা )

Monday, March 21, 2011

সপোনৰ খবৰটো

জ্যোতিময় দত্ত

পোহৰে এন্ধাৰে মাটি-পানীৰ খবৰটো দি ফুৰোঁতে দেখিলো
ফটা ওঁঠৰ কোৱাৰিয়েদি তেজ বিৰিঙি আহিছে
য’ত খবৰবোৰ পৰি আছিল তেজৰ লেটি লৈ
তাত এদিন প্ৰথনাৰ শলিতা জ্বলিছিল
বূঢ়াডাঙৰীয়াৰ ঘাম পৰি

ইতিহাসৰ সৌধত বিজয়ৰ লাল পতাকা এখন
উৰি থ্কাৰ পৰতো
গাঁওবোৰ এতিয়া আন্ধাৰৰ পোতাশালত বন্দী

অন্তহীন ঢৌত আমাৰ হাঁহি-হেঁপাহবোৰ উথলি অহাৰ দিনতো
পেটত গামোচা বান্ধি ৰাতি নিয়াইছোঁ হেজাৰজনে

আৰু
সৰাপাতৰ মৰমৰণিত যেতিয়া সাৰ পাই উঠিছিল
সপোনৰ টুকুৰা লৈ চকুবোৰ
দেখিছিলো
ৰৈ আছিল খবৰ হৈ হাড়ত ফুলা এডৰা বনৰীয়া ফুল |

Sunday, March 20, 2011

ভালপোৱাৰ গান

হৃষীৰাজ শৰ্মা

তেতিয়া সাগৰ এখন উজাই আহে মোৰ বুকুৱেদি
তুমি বিলাই দিয়া সকলোবোৰ নীলৰঙী সম্ভাৱনা সাৱটি
তেতিয়া বেলিৰ ডেউকাত উৰি ফুৰে সময়
মটীয়াবোৰ সেউজীয়া হয়, আৰু
তোমাৰ চকুৰ পতাত ওমলে সা ৰে গা মা বোৰ
ভালপোৱাৰ গান এটি মোৰ বুকুত সিঁচি থৈছা তুমি
ফুল হৈ ফুলি উঠিলে তোমাৰেই খোপাত শুৱাবহি !!

Friday, March 18, 2011

তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ?

হৃষীৰাজ শৰ্মা

তোমাৰ শব্দবোৰেৰে মোৰ উশাহ আৰু
তোমাৰ ভাৱনাবোৰ মোৰ মন শৰতৰ জোনাক |
তুমি প্ৰেমৰ ৰাগীৰ এপিয়লা ৰঙা মদিৰা
আৰু ম‍ই ব্যকুল সেই নিচাত উতলিবলৈ
তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ?
তুমি ৰৈ আছা দূৰণীত,
বন্ধ তোমাৰ চৌপাশ
ম‍ই বিশৃংখল, মোহান্ধ, ভয়াৰ্ত
নাজানোঁ, কেতিয়ালৈ মুকলি হ’ব
তোমাৰ আঁচলত আবদ্ধ সেই জোন ;
যাৰ জোনাকত তিতি বুৰি
কবিতা লিখাৰ হেঁপাহ মোৰ বহুদিনৰ |
তোমাৰ চকুৰ পতা জাপ খাওঁতেই কিজানি
প্ৰাণ পাই উঠে হুছেইনৰ তুলিকা ,
তোমাৰ চাৱনিৰ বৰষাত গাভৰু হয়
মোৰ হৃদয়ৰ মোহনা |
তুমি হিয়াত ৰুণু ৰুণু সুৰ তুলি যোৱা
এটি পাহাৰী চিফুঙৰ মাত ,
বেলি লহিয়াওঁ লহিয়াওঁ কৰা এটি পথৰুৱা বাট |
তোমাৰ পদূলীত এজুপি খৰিকাজাঁই দেখিলোঁ; ৰাতিপুৱা,
ৰূপোৱালী হাঁহিবোৰেৰে সি ফুলি উঠিছে |
সেউজীয়া জপনাখন খুলি থ’বা আলফুলে,
কিজানি সোমাবলৈ পাৰোৱেই ধীৰে ধীৰে |
আৰু কত পৰ ৰখাই থ’বা মোক, বসন্তৰ ঠিকনা বিচাৰি
শীতৰ বাতৰি বিচাৰি
নৈৰ বিষাদ বিচাৰি
আকাশৰ অভিমান বিচাৰি
তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ?

Thursday, March 17, 2011

নৈৰ ইপাৰে....

ৰিদিপ কুমাৰ নাথ

নৈৰ ইটো পাৰত ৰৈ আছিলো
সমান্তৰালভাৱে,
পলকতে উটি গ’লাগৈ.....
ৰৈ থাকিলো ম‍ই.....

চলন্ত পানী
ক্লান্ত জীৱন |

জিলিৰ মাতত পথাৰখন তিতি আছে নিয়ৰত

জ্যোতিময় দত্ত

জিলিৰ মাতত পথাৰখন তিতি আছে নিয়ৰত
আকৌ গধূৰ হৈ পৰিছে মৌন ওঠৰ নিৰৱতা

আহতৰ ডালত পৰি কান্দি থকা ফেঁচাহালিও
ক’ৰবালে বুলি ৰাতি কাটি উৰি গ’ল

কাৰোবাৰ চকুৰপৰা দিন-ৰাতিৰ
চিন এটা নাইকিয়া হ’ল

হেৰাই গ’ল বুকুত ধৰফৰাই
বাঢ়ি অহা আৱেগ

কিনকিনিয়া বৰষুণত চিলমিলিয়া হ’ল
সপোনৰ টোপনি
বলিয়া ডাৱৰে গিলি থলে কাঁচিজোন |

( এটা নিবিচৰা দিনৰ স্নেপচট... মোৰ এই কবিতা)

Wednesday, March 16, 2011

এদিন সকলো নোহোৱা হৈ আহিব

জ্যোতিময় দত্ত

এদিন সকলো নোহোৱা হৈ আহিব
দহো আঙুলিৰ হেলনীয়া পাকে হাউলাই থৈ যাব চিনাকি দিনৰ আত্মমগনতা
আবেগিক দুচকুৰ সপোনে বাগৰ নসলাব মসৃণ বাটত
সোণপানী চৰোৱা বুকু ফঁচি ৰ’ব জীৱন আৰু জন্ত্ৰণাত

এদিন সকলো নোহোৱা হৈ আহিব
ধাৰে কটা পানী ওলমি থাকিব চাৱনিৰ কোটৰত
হেঁপাহ পলুৱাই জঠৰতাৰ কুমতিয়ে গাঁত খান্দিব কলিজাত
সৰাপাতৰ দৰেই মৰমৰাই শুকাই আহিব আকুলতাৰ কুহুমীয়া

উৰি যোৱা পাৰহালিৰ ঢপঢপনি এটাত মাটি চাকিবোৰ নুমাই যাব
পুৰণি আঁহতৰ তলেৰেই উঠি যাব প্ৰাচীন বিশ্বাসটো
ৰ’দকাচলি গুচি যোৱাৰ বাটতো চাই চাই গধূৰতাত বুৰ যাব সন্ধ্যাটো
পকা-অংঠা হৈ মাথো জ্বলি থাকিব শিল হোৱা চকুবোৰ |

(দেইপোৰা মন এটাৰ কথাৰেই মোৰ এই কবিতা)

এই কথা অচিনাকি নহয়

জ্যোতিময় দত্ত

এই কথা অচিনাকি নহয়
ধোঁৱাৰঙী নিয়ৰৰ বাটেৰে বেলিটিয়ে নৈ-খনত জাপ দিয়াৰ কথা
নলনি ফালি উজাই অহাৰ কথা পানীকাউৰীৰ মাতটো
চকুৰ বগাৰে ঢাকি থোৱাৰ কথা বুকুৰ হালধীয়াক

এই কথা অচিনাকি নহয়
টেঙেচীয়া মাতেৰে মাতি থকাৰ কথা
মৌন আলাপৰ সীমাহীন উত্তেজনাক
তৰাপাতৰ আগেৰে সৰি পৰিব খোজা পানীৰ টোপালত
কঁপি কঁপি ওলমি থকাৰ কথা আকাশৰ নীলিমতা
সজাই লোৱা তাছপাতৰ দৰেই সজাই লোৱাৰ কথা
নিবিচৰা পোহৰ আৰু এন্ধাৰবোৰ

সকলো হেৰুৱাই অহাৰ পিছতো হেৰাই নোযোৱা গোন্ধ এটি
খোজৰ ভিৰত নিবিচৰাকৈয়ে কাণত ভাহি উঠা
চিনাকি অচিনাকি মাতৰ মৃদু লয় এটা
সাঁচি ৰখাৰ কথা বুকুৰ একুৰিয়ামত

এই কথা অচিনাকি নহয়
সুকুমল উশাহৰ প্ৰবাহী প্ৰশান্তি এটা বিচাৰি
শিলত কাটি থোৱাৰ কথা দগমগাই থকা পকা ৰ’দৰ এটা ছিটিকনি |

(( ভালপোৱা দিনৰ নষ্টালজিয়া..... মোৰ এই কবিতা ))

Monday, March 14, 2011

কমলা কুঁৱৰী

জ্যোতিময় দত্ত

মেলা চুলিৰে বাগৰে কলচীয়া আকাশ
ৰজাৰ ৰথৰ চকাই পিহি নিয়ে কাৰোবাৰ আৱেগৰ কাঁচিজোন

কেঁচা ৰাতিৰ নৈ-পৰীয়া কোহালত লগ এৰা দিয়ে বুকুৰ ছাঁটো বুকুৰ পৰা
পানীপিয়াৰ মাতে তেজৰ এন্ধাৰত পুতি যায় বিষাদ

কাৰেঙৰ ভগা মাতত ৰেপ যায় ফেহুঁৰ্ঙী দেহ কমলাৰ
সপোনৰ শয্যাত খহি থাকে জীয়াই থাকিব পৰাকৈ মনৰ কুহুমীয়া

মৰণকাতৰ কঁপনিত জ্ৱলি থাকে দুওঁঠ
ন-দেহৰ পিয়াহত ৰজা মৰে, প্ৰজা মৰে পথাৰৰ খৰাঙত

বিৰামহীনতাৰ সীমনাত পাখি মেলি ধৰফৰাই কলিজাৰ হেতুলুকা
মঙলতী বুঢ়ীৰ বাছনীত ভৰিৰ মাটি খহে কমলাৰ
গভৱতী বুকু বান্ধি থোৱা হয় কপালৰ পুখুৰীত

পাৰঘাটে পাৰঘাটে ৰাতি দুপৰত উচুপি থাকে কমলা
কুঁৱৰী ফুলি থাকে হালধীয়া সোণাৰু হৈ কোঁৱৰৰ চকুপানীত |

(মোৰ জীৱ্নত লগ পোৱা হেজাৰজনী কমলা আৰু হেজাৰজন সপোনকুঁৱৰৰ নামত এই কবিতা)

Wednesday, March 9, 2011

তুমি

অৰুনজ্যোতি দাস

তুমি প্রেমত বিশ্বাস নকৰা
অথচ কাৰোবাক ভালপোৱা!
ই কি কথা
ই কি কথা
ই কি কথা যে তুমি চলচ্চিত্রৰ নাচ ভালপোৱা
অথচ ধ্রুপদীৰ বাবে নাক কোঁচোৱা
[তোমাৰ সস্তীয়া বিনোদন!]
ই কি কথা
ই কি কথা যে তুমি ডিজিটেল কেমেৰাৰ কথা পাতা
আৰু জীৱনত বেলি উঠা চাবলে’ নিশিকিলা!

তোমাৰ সামান্য পানীলগাত টেবলেটৰ বাবে হাঁহাকাৰ কৰা
মাৰাৰ মালিচৰ আমেজ তুমি কেনেদৰে বুজিবা

কেনেদৰে বুজিবা তুমি
ভগা হিয়াৰ ৰাউচি জোৰা বিননি
তুমি নিশ্চয় ডেন্ড্রাইট বা ফেভিকলৰ কথা ক’বা!

Tuesday, March 8, 2011

বর্তমান

মানস জ্যোতি চেতিয়া

সেউজী কম্পনৰ
তেজাল অনুনাদ

Monday, March 7, 2011

তৃষাতুৰ মন

মানস জ্যোতি চেতিয়া

বাস্তৱ-অবাস্তৱৰ মাজত
দোদুল্যমান মনটো
যায়নে দিগন্তৰ সিপাৰে
জ্ঞানবৃক্ষৰ ফল খাৱলৈ
জিজ্ঞাষাৰ জুই লগাবলৈ
আকাশৰ দৰে বহল হ'বলৈ...!

Saturday, March 5, 2011

বনৰীয়া সূর্যমুখী

মানস জ্যোতি চেতিয়া

বনৰীয়া সূর্যমুখী বুলি কয় তোমাক সিহঁতে
কিন্তু মইতো তোমাক বনৰীয়া-ঘৰচীয়াৰ বাচ-বিচাৰ কৰা নাছিলো !
মই এতিয়াও পাহৰি যোৱা নাই ... তুমি সেই প্রজাতিৰে অংশ ।
পৃথিৱীৰ পৰা কি পালা কি নাপালা…?!
তেনে এটা প্ৰশ্নৰ পিচত পথভ্ৰষ্ট হ'বলৈ এৰি দিলা কিয়…?!
হয়তো তুমি বুজিলা পোৱাতকৈ দিয়াৰ মূল্য… !
ক'ত পোহৰ-আন্ধাৰ পাৰ কৰিলা...একে সূর্য একে চন্দ্রৰ তলত...
ক'ত চিনাকি অচিনাকি কৃট-পতংগ, পক্ষী… এ
চুহি নিলে তোমাৰ মৌ, তোমাৰ ফল… দি গ'ল এমুঠি আশা…
হয়তো তুমি বিচাৰিছিলা তোমাৰ ৰেণু-ফল বোৰৰ বিস্তাৰন…
কিন্তু তুমি সুখী … সিহঁতৰ সুখবোৰলৈ চাই… !
তুমি কৃতজ্ঞ… তোমাৰ চাৰিওফালৰ কাঁটইটীয়া গোলাপবোৰলৈ !
আৰু অপতৃণবোৰ ...! সিহঁতকো ভাল পাবলৈ শিকিলা…!
হাঃ হাঃ হাঃ… তুমি এতিয়াও পাহৰি যোৱা নাই আপেক্ষীকতাবাদ…!
সিহঁতো জীয়াই থাকিৱ বিচাৰে একে পৃথিৱীৰ তলত…. ।